ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ নিৰাপত্তাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটে চীনা এপ টিকটক ব্যৱহাৰত চৰকাৰী কৰ্মচাৰীসকলক নিষেধাজ্ঞা আৰোপ কৰিছে ৷ মনোৰঞ্জনধৰ্মী এপ টিকটক বাতিল কাৰাৰ বাবে গৃহীত কৰা হৈছে আইন ৷ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷
আমেৰিকাৰ সকলো চৰকাৰী স্থানত এই এপটো বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৷ ৰিপাব্লিকান চিনেটৰ মাৰ্কো ৰুবিয়ে কয় যে , ‘‘চীনে আমেৰিকাত গুপ্তচৰ হিচাপে কাম কৰিবলৈ টিকটক ব্যৱহাৰ কৰিছে ৷ ইয়াৰ উপৰিও আইনখনে চীন আৰু ৰাছিয়াৰ অধীনত যিকোনো সামাজিক সংগঠনৰ সকলো লেনদেন অৱৰোধ কৰিব ৷ ’’
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২০ চনত আমেৰিকাই টিকটক নিষিদ্ধ কৰাৰ সিদ্ধান্ত হৈছিল ৷ ২০২০ বৰ্ষৰ ৭ আগষ্টত সিদ্ধান্তটো ঘোষণা কৰি তদানিন্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে , ডেৰ মাহৰৰ ভিতৰত চীনা সামাজিক মাধ্যম এপ টিকটক আমেৰিকা যুক্তৰাষ্ট্ৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব ৷