ডিজিটেল ডেস্ক, ANEWS24X7: বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক ৷ বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেবিনেটে যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণ , চহৰ গেছ বিতৰণৰ নীতি , সংহত সঞ্চালকালয় কমপ্লেক্স ,শিশুকালৰ প্ৰাথমিক শিক্ষা আৰু যত্ন , ভূমিজনিত সমস্যাৰ নিষ্পত্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷
যান-জঁট সমস্যা হ্ৰাসৰ লক্ষ্যৰে ৯টা প্ৰকল্পৰ কনছালটেন্সী ছাৰ্ভিচৰ বাবে মনোনয়নৰ ভিত্তিত ২৪:৫৭ কোটি টকাত ৰাইটছ লিমিটেডক দায়িত্ব প্রদান কৰা ৷ প্ৰকল্প সমূহ হৈছে বিতং প্রকল্প প্রতিবেদন প্রস্তুতকৰণ। শিলচৰত তাৰাপুৰ-শিবাৰীৰ ওচৰত পথ। গুৱাহাটীৰ জি এছ ৰোডৰ ডাউনটাউন হাস্পতালৰ সমীপত উৰণীয়া সেতু। গুৱাহাটীৰ আৰ কে চৌধুৰী ৰোডৰ ফটাশিল চাৰিআলিত উৰণীয়া সেতু ৷ গুৱাহাটীৰ জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু। গুৱাহাটীৰ গৰলৰ পৰা পলাশবাৰীলৈ অসম ট্রাংক ৰোডৰ উন্নয়ন।
ৰাণী-কইনাধৰা পথৰ দীপৰ বিলৰ সীমাত আজাৰা আৰু কামাখ্যা ৰে’লপথৰ সমান্তৰালভাৱে অৱস্থিত ৭টা হাতীৰ কৰিড’ৰত আণ্ডাৰপাছ নিৰ্মাণ। শ্বহীদ স্মাৰক আৰু কইনাধৰা পথৰ মাজত দীপৰ বিলৰ ওপৰেৰে ২টা এলিভেটেড পথ নিৰ্মাণ।
চহৰ গেছ বিতৰণ নেটৱৰ্কৰ প্ৰসাৰৰ বাবে অসম চহৰ গেছ বিতৰণ নীতি ২০২২ত অনুমোদন। সেৱা প্ৰদানকাৰীক আবণ্টিত ভৌগোলিক অঞ্চলত চি জি ডি নেটৱৰ্ক স্থাপন, কার্যকৰীকৰণ আৰু নিয়ন্ত্ৰণৰ বাবে অনুমোদন। চি জি ডি পাইপলাইন স্থাপনৰ বাবে বিভিন্ন অনুমতি লাভৰ বাবে পদ্ধতিগত আৰু সময় নির্ধাৰিত।
গুৱাহাটীৰ বেতকুছিত সংহত সঞ্চালকালয় কমপ্লেক্স নির্মাণৰ বাবে ৮০৮.৪ কোটি টকাৰ সংশোধিত প্রশাসনিক অনুমোদন। চহৰখনত অৱস্থিত সকলো সঞ্চালকালয় এই কমপ্লেক্সৰ অন্তৰ্ভুক্ত হ’ব। এই কমপ্লেক্সে ৰাইজক সেৱা প্ৰদানৰ প্ৰণালীটো সুশৃংখলিত কৰাৰ লগতে বিভিন্ন সঞ্চালকালয়ৰ মাজত উন্নত আন্তঃসংযোগ সুনিশ্চিত কৰিব।
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সংগতি ৰাখি বুনিয়াদী শিক্ষা আৰু প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষাৰ সামগ্রিক লক্ষ্যত উপনীত হ’বলৈ মৌলিক শিক্ষণ। ৩ৰ পৰা ৮ বছৰ বয়সৰ শিশু সকলক সামৰি অংগনৱাড়ীৰ ৩টা পর্যায় তথা প্রাথমিক বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্রেণীত দুবছৰৰ গ্রেডেড শৈক্ষিক কার্যকলাপৰ মাজত শৈক্ষিক আৰু শিকন কাৰ্যকলাপৰ সংহতমূলক এক পর্যায়। অংকুৰ শ্রেণী ৩ বছৰীয়া শিশুৰ বাবে অংগনৱাড়ী ৷ মুকুল শ্রেণী ৪ বছৰীয়া শিশুৰ বাবে অংগনৱাড়ী ৷ বালৱাতিকা শ্রেণী বা ‘ক’ শ্রেণী – ৫ বছৰীয়া শিশুৰ বাবে অংগনৱাড়ী ৷ প্রথম শ্রেণী ৬-৭ বছৰ বয়সৰ শিশুৰ বাবে প্রাথমিক বিদ্যালয় আৰু দ্বিতীয় শ্রেণী ৭-৮ বছৰ বয়সৰ শিশুৰ বাবে প্রাথমিক বিদ্যালয় ৷
উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চিলা সিন্ধুৰী ঘোপা মৌজাৰ অধীনৰ চিলা গ্ৰাণ্টৰ ২৫টা পৰিয়ালক ভূমিৰ প্ৰিমিয়াম প্রতি কঠাত ১০০০ টকালৈ শিথিলতাৰে ৫ বিঘা ১ কঠা আৰু ৩ লেচা ভূমি প্ৰদান কৰা হ’ব ৷
