Saturday, April 25, 2026
Homeআন্তঃৰাষ্ট্ৰীয়পাকিস্তান চৰকাৰক উচতনিমূলক ধাৰণা পৰিহাৰ কৰিবলৈ সকীয়নি তালিবানৰ

পাকিস্তান চৰকাৰক উচতনিমূলক ধাৰণা পৰিহাৰ কৰিবলৈ সকীয়নি তালিবানৰ

ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানক সকীয়ানি আফগানিস্তানৰ শাসনত থকা তালিবানৰ ৷ পাকিস্তানত ভিত্তিহীন শব্দ আৰু উচতনিমূলক ধাৰণা পৰিহাৰ কৰিবলৈ সকীয়ানি তালিবানৰ ৷ মঙলবাৰে এই সকীয়নি প্ৰদান কৰিছে আফগান তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে ৷

কিছুদিন পূৰ্বে পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে তালিবানক লক্ষ্য কৰি কৈছিল যে ,‘‘ আফগানিস্তানৰ তালিবানৰ সৈতে পাকিস্তানৰ উগ্ৰপন্থী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তান চমুকৈ টিটিপিৰ সম্পৰ্ক আছে ৷’’ নৱেম্বৰ মাহত পাকিস্তান চৰকাৰ আৰু টিটিপিৰ মাজতৰ যুদ্ধ বিৰতি ভংগ কৰাৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছিল ৷

পাকিস্তানৰ মন্ত্ৰী ৰাণা ছানাউল্লাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰদান কৰি তালিবানে কয় যে ,‘‘ আফগানিস্তানে পাকিস্তানকে ধৰি সকলো চুবুৰীয়া দেশৰ সৈতে শান্তিপূৰ্ণ সম্পৰ্ক বিচাৰে ৷ কাবুলে এই লক্ষ্য প্ৰাপ্ত কৰাৰ সকলো উপায়ত বিশ্বাস কৰে ৷’’

তালিবানে লগতে কয় যে পাকিস্তানৰ বিষয়া সকলে আফগানিস্তানৰ বিষয়ে মিছা অভিযোগ উত্থাপন কৰাটো দুখজনক ৷ আফগানিস্তানৰ ভূখণ্ডত পাকিস্তান বা আন কোনো দেশৰ বিৰুদ্ধে ব্যৱস্থা নকৰাটো নিশ্চিত কৰিবলৈ যথাযথ চেষ্টা কৰা হৈছে ৷ এই সমস্যা সমাধান কৰাকে ধৰি ভিত্তিীন আলোচনা আৰু উচতনিমূলক ধাৰণা পৰিহাৰ কৰাৰ দায়িত্বও পাকিস্তান পক্ষৰ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments