মেষ ৰাশি – আজি আপুনি বিশ্ৰাম লোৱাটো জৰুৰী ,কাৰণ যোৱা কেইদিন আপুনি বহুত মানসিক হেচাৰ সন্মুখীন হৈছিল। নতুন গতিবিধি আৰু মনোৰঞ্জনৰ আপোনাৰ বাবে সহায়ক সিদ্ধ হব। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত।যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক, যিকোনো কথা জোৰ-জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভাল পোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব।
বৃষ ৰাশি – কিছুুমান এনেকুৱা ঘটনা আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে,যিবোৰ আপুনি বিচাৰিলেও সমাপ্ত কৰিব নোৱাৰিব। কিন্তু আপুনি নিজকে শান্ত কৰি ৰাখক অৰু পৰিস্থিতিৰ লগত সন্মুখীন হব’লৈ সোনকালে প্ৰতিক্ৰিয়া নকৰিব। আজি আপোনাৰ কোনোবা পূৰণী বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। যদি আপুনি নিজকে প্ৰফেশ্বনাল ভাৱে উপস্থাপিত কৰিব পাৰে তেন্তে কেৰিয়াৰত এক পৰিৱৰ্তনৰ নিচিনাকৈ বহুত লাভদায়ক বুলি প্ৰমাণিত হব। আজি আপুনি নিিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে ,যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে।
মিথুন ৰাশি – আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিব বাবে বহুত সময় পাব আপুনি ,কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে।
কৰ্কট ৰাশি – কাৰণ নোহোৱা চিন্তা আৰু হতাশ জীৱনৰ পৰা গোটেই ৰস শুহি লয় আৰু জীৱনটোক এক শুকান কাঠ কৰি থৈ দিয়ে ,নিজৰ ভালৰ বাবে আপুনি এইবোৰ বাদ দিয়াই শ্ৰেয় নহ’লে এইবোৰে আপোনাৰ সমস্যা বঢ়াব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হব। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপ-চাপে থকাই মংগল হব নহ’লে আপোনাৰ জীৱন সংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে।
সিংহ ৰাশি – আপোনাৰ প্ৰত্যেককে সহায় আৰু সাহাৰ্য কৰিব বিচাৰাৰ ইচ্চাই আপোনাক বেয়াভাৱে ভাগৰুৱা কৰি তুলিব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হব পাৰে।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। একো কামে অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মনশক্তি গোটাই লৈছে। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সচাঁকৈয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে।
কন্যা ৰাশি – আজি আপোনাৰ আত্ম-বিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব।
তুলা ৰাশি – ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ’ব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । যাক ভাৱনাত্মক সম্বলৰ বহুত প্ৰয়োজন ,সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক। প্ৰফেশ্বনাল দিশত আপোনাৰ দিন আজি ধনাত্মক ভাৱে অতিবাহিত হব ,ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে।
বৃশ্চিক ৰাশি – পূৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্ম বিশ্বাসী কৰি তুলিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাহিঁ অনাত অসফল হব,কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হব। অফিচত কোনোোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হব পাৰে। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে।
ধনু ৰাশি – আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। পাৰিবাৰিক দায়িত্বক পাহৰি নাযাব । আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হব পাৰে ,যি আপোনাক আহত কৰিব পাৰে। পৰিস্থিতিত বিকশিত কৰা ব্যৱসায়িক সম্বন্ধৰ বাবে আপোনাৰ বহুত লাভ হব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ লব পাৰে। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব।
মকৰ ৰাশি – সোনকালে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্য়া ভাগ কৰিব বিচাৰিব , কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। বহুুুত কষ্ট আৰু পৰ্যাপ্ত চেষ্টা আপোনাক ভাল ফল লাভ কৰাত অৰিহণা যোগাব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব।
কুম্ভ ৰাশি – খোৱা-লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক,যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে । যিবোৰ মানুহ পইচা ধাৰে ল’বলৈ আপোনাৰ কাষ চাপে ,তেখেত সকলক এৰাই চলক। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
মীন ৰাশি – বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক বনিব , কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে যিয়ে অনবৰতে ৰ’দত থিয় হৈ সেই ৰ’দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। কাম-কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰু ৰূপে পাৰ হব । আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।