Wednesday, March 11, 2026
Homeঅসমহাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট...

হাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি

গুৱাহাটী,১০ জানুৱাৰী: শতিকা পুৰণি মহাৰাণা এথলেটিক ক্লাবৰ সহযোগত শেইখ ব্ৰাদাৰ্ছে প্ৰয়াত হাজী শেইখ গোলাম ইব্ৰাহীম আৰু প্ৰয়াত দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম ১৪ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা ২০২৪’ ৰ আয়োজন কৰিছে । এই প্ৰতিযোগিতা ২১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী ২০২৪ লৈ লতাশিল খেলপথাৰত অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ প্ৰাইজমানিৰ লগতে থাকিব চলন্ত ট্ৰফী ।

আজি ১০ জানুৱাৰী , বুধবাৰে অসম অলিম্পিক সন্থাৰ কনফাৰেন্স হলত এক সংবাদ মেলত এই বিষয়ে সদৰী কৰে আয়োজকৰ হৈ মহাৰাণা এথলেটিক ক্লাবৰ উপ-সভাপতি শ্বেইখ আলতাফ হুছেইন আৰু সম্পাদক দীপজ্যোতি বৰুৱাই । তেওঁলোকৰ মতে অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ অনুমোদন ক্ৰমে এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে । প্ৰতিযোগিতাৰ চেম্পিয়ন দলে ৩০ হেজাৰ টকা আৰু ফাইনেলিষ্ট দলে ২০ হেজাৰ টকাৰ লগতে চলন্ত ট্ৰফী লাভ কৰিব । মেচসমূহ লীগ কাম নক‌আউট ভিত্তিত অনুষ্ঠিত হ’ব ।

মুঠ ১২ টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে । সংবাদ মেলত অনান্যসকলৰ ভিতৰত উপস্থিত থাকে মহাৰাণা এথলেটিক ক্লাবৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, উপ-সভাপতি বিপুল গুহ, এথলেটিকছ সম্পাদক মিফতাউদ্দিন আহমেদ, ক্ৰিকেট সম্পাদক আনন্দ সেনগুপ্ত, জি এছ এৰ কোষাধ্যক্ষ অমিয় কলিতা আৰু শ্বেইখ ব্ৰাদাৰ্ছ জেনেৰেল ষ্টোৰৰ শ্বেইখ শ্বাহ নাৱাজ ।

যোগদান কৰা দল কেইটাৰ ভিতৰত আছে ৰিভাৰৰাইন ক্লাব, গুৱাহাটী টাউন ক্লাব, অংকুৰজ্যোতি, গুৱাহাটী ক’চিং চেণ্টাৰ, চিটি ক’চিং চেণ্টাৰ, আমবাৰী ইউনাইটেড, আইকন একাডেমী, মাছখোৱা এথলেটিক ক্লাব, আমিনগাঁও ক’চিং চেণ্টাৰ, মহাৰাণা এথলেটিক ক্লাব, আবু নেচিম ক’চিং চেণ্টাৰ, উই আৰ নৰ্থ ইষ্ট ক’চিং চেণ্টাৰ । উদীয়মান প্ৰজন্মৰ ক্ৰিকেটাৰৰ প্ৰতিভা বিকাশৰ মঞ্চ হিচাপে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে শেইখ ব্ৰাদাৰ্ছ জেনেৰেল ষ্টোৰৰ প্ৰতিষ্ঠাতা হাজী শেইখ গোলাম ইব্ৰাহীম আৰু মহাৰাণা ক্লাবৰ সম্পাদক দীপজ্যোতি বৰুৱাৰ মাতৃ দীপ্তি বৰুৱাৰ স্মৃতিত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments