Wednesday, March 11, 2026
Homeঅসম'যুঁজৰ সময়ত একো ক্ষতি নহয় বুলবুলি চৰাইৰ'

‘যুঁজৰ সময়ত একো ক্ষতি নহয় বুলবুলি চৰাইৰ’

ডিজিটেল ডেস্ক, ১৫জানুৱাৰী: হাজোবাসীৰ বাবে আজি উলাহৰ দিন। সুদীৰ্ঘ ৯ বছৰৰ অন্তত পুনৰ পঞ্চতীৰ্থ নগৰীত অনুষ্ঠিত হ’ল বুলবুলি চৰাইৰ যুঁজ। SOP অনুসৰি পৰম্পৰাগত বুলবুলি যুঁজ অনুষ্ঠিত হ’ল।

বহু বছৰৰ পাছত হাজোত পুনৰ বুলবুলি চৰাইৰ যুঁজ। হয়গ্ৰীৱ মাধৱ মন্দিৰত আয়োজন কৰা হৈছে বুলবুলি চৰাইৰ যুঁজ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে  প্ৰতিযোগিতা।

‘যুঁজৰ সময়ত একো ক্ষতি নহয় বুলবুলি চৰাইৰ’ । হয়গ্ৰীৱ মাধৱ মন্দিৰত বুলবুলি চৰাইৰ যুঁজ উপভোগ কৰিলে মুখ্যমন্ত্ৰীয়ে। হাজোৰ উপস্থিত এনেদৰে ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, বিগত ৯ বছৰে আইনী বাধাৰ বাবে এই খেল বন্ধ হৈ আছিল। ৯ বছৰৰ অন্তত এই খেল অনুষ্ঠিত হোৱাক লৈ হাজোৰ লগতে সমগ্ৰ ৰাজ্যবাসী স্বাভাৱিকতে উৎসাহিত হৈ আছে। ইয়াৰোপৰিও, মাঘ বিহুৰ সময়ত মধ্য অসমত বিশেষকৈ ম’হ যুঁজৰ পৰম্পৰা চলি আহিছিল। কিন্তু ২০১৪ চনৰ পৰা ৰাজ্যত এই যুঁজ নিষিদ্ধ আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments