Thursday, March 12, 2026
Homeঅসম২২ জানুৱাৰীত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানত অৰ্ধছুটী

২২ জানুৱাৰীত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানত অৰ্ধছুটী

ডিজিটেল ডেস্ক, ১৯জানুৱাৰী: দেশৰ ৰাজ্য চৰকাৰসমূহেও ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বিভিন্ন পদক্ষেপ হাতত লৈছে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয় বন্ধ দিয়া হৈছে। লগতে কিছুমান ৰাজ্যই সুৰাপানত নিষেধাজ্ঞা আৰোপ কৰি ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা সুৰা বিপনীসমূহ বন্ধৰ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

অসমতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অযোধ্যা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনা ৰাজ্যত অৰ্ধছুটীৰ কথা ঘোষণা কৰিছে। কিন্তু ২২ জানুৱাৰীৰ দিনটোত ৰাজ্যৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়সমূহ দিনৰ ২ বাজি ৩০ বজালৈহে বন্ধ থাকিব ৷

ছুটীৰ এই সময়ৰ প্ৰতি লক্ষ্য ৰাখিলে ক’ব পাৰি যে অসমত সকলো বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পূৰ্ণ বন্ধ থাকিব। ইয়াৰ কাৰণ হৈছে যে, বিদ্যালয়সমূহ পুৱাৰ পৰা আৰম্ভ হৈ দুপৰীয়া শেষ হয়। গতিকে, ২ বাজি ৩০ মিনিটৰ পিছত কোনো বিদ্যালয়ত পাঠদান কৰা নহ’ব। সেয়ে ক’ব পাৰি যে, উক্ত দিনা অসমত সকলো বিদ্যালয়, মহাবিদ্যালয়সমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে বন্ধ থাকিব। অৱশ্যে, মহাবিদ্যালয়সমূহত কৰ্মচাৰী তথা অধ্যাপকসকল আহিব লগা হ’ব পাৰে।

যদি কোনোবা অধ্যাপকে ২ বাজি ৩০ মিনিটৰ পিছত পাঠদান কৰিব বিচাৰে, তেন্তে কলেজীয়া ছাত্ৰ-ছাত্ৰীসকল নিজ নিজ শিক্ষাষ্ঠানলৈ যাব লাগিব।

আনহাতে, চৰকাৰী কৰ্মচাৰীসকলে ২ বাজি ৩০ মিনিটৰ পিছত কৰ্মস্থলীলৈ আহিব লাগিব। তেওঁলোকক ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে অৰ্ধছুটী দিয়া হৈছে। ইয়াৰোপৰিও, ৰাজ্যত উক্ত দিনা ড্ৰাই ডে’ৰ ঘোষণা কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments