Monday, July 7, 2025
Homeঅসমপ্ৰাক্তন আছু, প্ৰাক্তন কংগ্ৰেছীৰে খদমদম বাজপেয়ী ভৱন

প্ৰাক্তন আছু, প্ৰাক্তন কংগ্ৰেছীৰে খদমদম বাজপেয়ী ভৱন

গুৱাহাটী, ২৮জানুৱাৰী: অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল। সকলো চৰ্চাৰ অন্ত পেলাই অৱশেষ গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছৰ পৰা বহিস্কৃত নেত্ৰী অংকিতা দত্তই। ‘হাত’ এৰি হাতত পদুম তুলি ল’লে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী বিস্মিতা গগৈয়ে। প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰিত্বৰ দায়িত্ব আছিল বিস্মিতা গগৈ।

আনহাতে গেৰুৱা বসন পিন্ধিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি দীপাংক নাথ আৰু আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাস। অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পালেও যোগ দিলে ভাৰতীয় জনতা পাৰ্টিত।

বশিষ্ঠৰ বাজপেয়ী ভৱনত মন্ত্ৰী পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাকে ধৰি একাংশ বিজেপি নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান সভা।

 

জয় শ্ৰী ৰাম ধ্বনিৰে বিজেপি কাৰ্যালয়ত দীপাংক নাথ। ‘এটা নতুন যাত্ৰা, বহু কথা শিকিব লাগিব৷ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত ৩০ বছৰীয়া দাবী পূৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে’৷বিজেপিত যোগদান কৰি দীপাংক কুমাৰ নাথৰ মন্তব্য..

‘মোৰ পিতৃ, ককাদেউতাই কৰা দল এতিয়া কংগ্ৰেছ হৈ থকা নাই৷ মহাত্মা গান্ধীৰ আদৰ্শ এতিয়া কংগ্ৰেছত নাই’৷ বিজেপিত যোগদান কৰি অংকিতা দত্তৰ মন্তব্য…

‘কংগ্ৰেছত নাৰী সুৰক্ষিত নহয়৷ আজিৰে পৰা আমি বিজেপিৰ পৰিয়ালৰ সদস্য’…বিজেপিত যোগদান কৰি বিস্মিতা গগৈৰ মন্তব্য।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments