Friday, November 8, 2024
Homeঅসমমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া দিলে বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া দিলে বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে ?

ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ-পূবৰ ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী সকলক তিনিদিনৰ বাংলাদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৷ বংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভাৰত ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় চৰকাৰক এই আমন্ত্ৰণ জনায় ৷ নীতিগত ভাবে এই আমন্ত্ৰণ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে আলোচনা কৰাৰ পিছত বৈদেশিক পৰিক্ৰমান মন্ত্ৰালয়ে বাংলাদেশ ভ্ৰমণৰ তাৰিখ নিৰ্ধাৰণ কৰিব ৷ এই সন্দৰ্ভত ডনাৰ মন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহমদ চহৰিয়াৰ আলমে কয় যে , ‘‘ ভাৰতৰ কেন্দ্ৰীয় ডনাৰ মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ হোৱা বৈঠক আতি আশাব্যঞ্জক আছিল ৷ আমি তিনিদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশলৈ উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলক মাতিছো ৷ আমি উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে প্ৰত্যক্ষ বাণিজ্যৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিম ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা বাংলাদেশক লৈ বিতৰ্কিত মন্তব্য কৰে। কিন্তু তেওঁ পুনৰ কয় যে শ্বেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে উত্তৰ-পূব অঞ্চল শান্ত হৈ আছে। ফলস্বৰূপে, তেওঁৰ বিষয়ে চিন্তা কৰাৰ কোনো অৰ্থ নাই। বাণিজ্যৰ লগতে নিৰাপত্তা ৰক্ষাৰ বিষয়েও তেওঁলোকৰ সৈতে আলোচনা কৰা হ’ব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments