Friday, November 8, 2024
Homeঅসমকংগ্ৰেছ ত্যাগ কৰিলে সাধাৰণ সম্পাদক কামৰুল ইছলাম চৌধুৰীয়ে , ছোনিয়া গান্ধীলৈ পত্ৰ...

কংগ্ৰেছ ত্যাগ কৰিলে সাধাৰণ সম্পাদক কামৰুল ইছলাম চৌধুৰীয়ে , ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ

ডিজিটেল ডেস্ক AEWS24X7: অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামৰুল ইছলাম চৌধুৰীৰ পদত্যাগ ৷ কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা চৌধুৰীয়ে ৷ ইতিমধ্যে কামৰুল ইছলাম চৌধুৰীয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৷ কামৰুল ইছলামে সামাজিক মাধ্যমত যোগে শ্বেয়াৰ কৰিছে পদত্যাগ পত্ৰ । এপিচিচিৰ নিৰ্দেশনাহীন আৰু বিভ্ৰান্তিকৰ নেতৃত্বৰ বাবে তেওঁ পদত্যাগ কৰিছে বুলি সদৰি কৰে ৷

পদত্যাগ পত্ৰখন শ্বেয়াৰ কৰি তেওঁ লিখে যে , ‘‘ মই শ্ৰীমতী ছোনীয়া গান্ধী ডাঙৰীয়ানীৰ লগতে সমূহ কংগ্ৰেছ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মোক কংগ্ৰেছ দলৰ বিভিন্ন পদত থাকি ৰাইজৰ পক্ষত কাম কৰাৰ সুযোগ দিয়াৰ বাবে । আজিৰ এই মূহুৰ্তত মই শদিয়াৰ পৰা ধুবুৰীলৈ থকা মোৰ সেইসকল শুভাকাংক্ষী আৰু যুৱ বন্ধু বান্ধৱীলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে আজিলৈ সামাজিক কাম কাজত মোক সকলো ধৰণে সহায় সহযোগিতা দিহা পৰামৰ্শ দি আগবঢ়াই নিলে । লগতে কটন মহাবিদ্যালয়,গুৱাহাটী বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় , দিল্লী বিশ্ববিদ্যালয় , বি বৰুৱা মহাবিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ সেইসকল সতীৰ্থ,অগ্ৰজ তথা অনুজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ থাকিল যিসকলে ছাত্ৰ জীৱনৰ দিনৰে পৰা মোৰ ভাল বেয়া সকলো সময়তে সহযাত্ৰী হিচাপে মোৰ লগত ঠিয় দিছিল।কিন্তু বৰ্তমান সময়ত দলত চলি থকা অন্তৰকন্দল তথা অনুশাসনহীনতাৰ বাবে দলটোৱে ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰাত ব্যৰ্থ হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত দলৰ সদস্য হৈ কাম কৰি থকাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে।গতিকে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছ দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments