Wednesday, July 9, 2025
Homeঅসমচতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অসমৰ শ্বাটলাৰৰ সফলতা

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অসমৰ শ্বাটলাৰৰ সফলতা

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰীঃ অসমৰ প্ৰতিভাবান আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ সুৰজ গোৱালাই প্ৰতিনিধিত্ব কৰা চণ্ডীগড় বিশ্ববিদ্যালয়ে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ পুৰুষৰ বেডমিণ্টনৰ স্বৰ্ণ পদক লাভ কৰিছে৷ আজি আমিনগাঁৱৰ নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত হোৱা ফাইনেলত জৈন ইউনিভাৰ্চিটিক পৰাস্ত কৰি পুৰুষৰ দলীয় সোণৰ পদক দখল কৰাত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অসম সন্তান সুৰজে৷
চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণকাৰী খেলুৱৈসকলৰ হৈ শপত বাক্য পাঠ কৰা গোৱালাই চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হৈ ডাবলছত ধ্ৰুৱ ৰাৱটৰ সৈতে যুটি বান্ধি সাফল্য অৰ্জনৰে চলিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অপৰাজিত হৈ থকাৰ গৌৰৱ লাভ কৰাৰ লগতে স্বৰ্ণ পদক লাভ কৰা অসমৰ একমাত্ৰ খেলুৱৈ হিচাপেও পৰিগণিত হৈছে৷

উল্লেখ্য যে গোৱালাৰ পূৰ্বে চণ্ডীগড় বিশ্ববিদ্যালয়কে প্ৰতিনিধিত্ব কৰা অসমৰ সাঁতোৰবিদ উত্তৰা গগৈয়ে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হোৱা সাঁতোৰ প্ৰতিযোগিতাত তিনিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ আনহাতে, মহিলাৰ কাবাদী প্ৰতিযোগিতাত অসমৰ আংশুইমাই হাতীবৰুৱাই ভাৰতী বিদ্যাপীঠৰ দলক হৈ খেলি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷
উত্তৰাই ২০০ মিটাৰ বাটাৰফ্লাই, ১০০ মিটাৰ ফ্ৰীষ্টাইল ৰিলে আৰু ১০০ মেডলি ৰিলেত ৰূপৰ পদক লাভ কৰাৰ উপৰিও ১০০ মিটাৰ বাটাৰফ্লাই আৰু ৫০ মিটাৰ বাটাৰফ্লাই শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷

ইফালে, আজি আমিনগাঁৱৰ নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত হোৱা বেডমিণ্টনৰ ফাইনেলত প্ৰথম দুখন একক শাখাৰ খেলৰ অন্তত দুয়োটা দলে ১-১ ৰ ব্যৱধানত থকাৰ পাছতে পুৰুষৰ দলীয় ফাইনেলৰ নিৰ্ণায়ক মেচখনত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ জয়ৰ ভেটি স্থাপন কৰি অসম সন্তান গোৱালাই চমক সৃষ্টি কৰে৷
স্বৰ্ণ পদক অৰ্জনৰ পাছত গোৱালাই কয়, ‘এয়া মোৰ প্ৰথম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আৰু মোৰ গৃহ ৰাজ্যত স্বৰ্ণ পদক লাভ কৰাটো এক গৌৰৱৰ অনুভৱ৷’ উল্লেখ্য যে শেহতীয়াকৈ ভাৰতক প্ৰতিনিধিত্ব কৰি বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ২৬ বছৰীয়া শ্বাটলাৰগৰাকীয়ে এতিয়া অধিক আন্তৰ্জাতিক প্ৰতিযোগিতাত অংশগ্ৰহণৰ লগতে পদক জয়ৰ লক্ষ্য লৈছে৷ ‘অহা দুমাহত মই কেইখনমান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলিম আৰু মোৰ বিশ্ব ৰেংকিং উন্নত কৰাৰ লগতে কেইখনমান প্ৰতিযোগিতাত জয়ী হোৱাৰ আশা কৰিছো৷’ গোৱালাই লগতে কয়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments