Thursday, November 7, 2024
Homeঅসমআজি গৰু বিহু

আজি গৰু বিহু

ডিজিটেল ডেস্ক, ১৩ এপ্ৰিলঃ আজি গৰু বিহু লগতে মকৰ সংক্ৰানটিও। গৰু বিহু উপলক্ষে উখল- মাখল হৈ পৰিছে সমগ্ৰ ৰাজ্য। পুৱাৰ ভাগত গৰুক মা- হালধিৰে গা- ধোৱাই দীঘলটি-মাখিয়টি , লাউ , বেঙেনা, থেকেৰা, তিতা কেৰেলা আদিৰে চাট তৈয়াৰ কৰি “লাউ খা , বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মা ৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু আদি ধ্বনি উচ্চাৰণ কৰে ”

গধূলি সময়ত গৰু নিজ গৃহলৈ ঘূৰি অহাৰ পাছত ধূপ-ধূনা জ্বলাই নতুন বিছনীৰে বিছি নতুন পঘা পিন্ধাই সমস্ত জীৱ-জন্তুৰ মংগলৰ কুশল মঙ্গল কামনা কৰে গৃহস্থই। তাৰ পাছত গৰুক পিঠা- পনা আদি খুওৱা হয়

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments