ডিজিটেল ডেস্ক, ANEWS24X7: জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ মঙবাৰে জলসম্পদ বিভাগৰ কেলেংকাৰীৰ সৈতে জৰিত থকা দুজন ব্যক্তিক মঙলদৈৰ পৰা আটক কৰে ৷ দিশপুৰ আৰক্ষীয়ে মঙলদৈৰ পৰা কুহিৰাম ডেকা আৰু আন এজন ব্যক্তিক সোধ-পোছৰ বাবে আটক কৰে ৷
কুহিৰাম ডেকা জলসম্পদ বিভাগৰ চতুৰ্থ বিভাগৰ কৰ্মচাৰী ৷ ধৃত দুইজন ব্যক্তিক নিশাই দিশপুৰ থানালৈ অনা হয় ৷
উল্লেখ্য যে , দিশপুৰ আৰক্ষীয়ে বৰবাৰীৰ জিডি ল’জত বাহৰ পাতি থকা সময়ত ৭ জন দালালক গ্ৰেপ্তাৰ কৰিছিল ৷ গুৱাহাটীৰ লজৰ পৰা গ্ৰেপ্তাৰ কৰা ৭ জন দালালৰে ৪ জনক জেললৈ প্ৰেৰণ কৰা লগতে তিনিজন দালাল জয়ন্ত দাস, চিৰাজুল, প্ৰাঞ্জল বৰ্মনক নিজৰ জিম্মাত লৈ দিশপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে এই নিযুক্তি কেলেংকাৰীৰ লগত জৰিত আজিজুৰ ৰহমান আৰু ৰফিকুল হুছেইন নামৰ দুজন দালাল বৰ্তমানলৈ পলাতক অৱস্থাত আছে ৷