Friday, December 27, 2024
Homeঅসমউত্তৰ গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ক্ষন্তেকীয়া সুখবৰ

উত্তৰ গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ক্ষন্তেকীয়া সুখবৰ

ডিজিটেল ডেস্ক, ১৮জুনঃ বাৰিষাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে জাহাজৰ চলাচল ব্যৱস্থাত কিছু ব্যঘাতৰ সৃষ্টি হৈছে।

সেয়েহে ৰাজ্য চৰকাৰে মঙলবাৰে এক জাননি যোগে ছাত্ৰ ছাত্ৰীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱেৰ ভাড়া ৫০% কৰাৰ নিৰ্দেশ দিছে।

ছাত্ৰ ছাত্ৰী সকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ আই কাৰ্ড দেখালে লাভ কৰিব এই সুবিধা।

এই নিৰ্দেশ জনালে ৰাজ্য চৰকাৰৰ জি এম ডি এ কৰ্তৃপক্ষই।

আগন্তুক এমাহৰ বাবে বাহাল থাকিব এই সুবিধা ।

উল্লেখ্য যে , ৰ’পৱেৰ সম্প্ৰতি ভাড়া সকলো যাত্ৰী তথা পৰ্যটকৰ বাবে ১০০ টকা।

,স্থানীয় ৰাইজে আক্ষেপ প্ৰকাশ কৰি কয় যে, গুৱাহাটীত আমাৰ উত্তৰ গু‍ৱাহাটীৰ বহুতো বে-চৰকাৰী কৰ্মচাৰী আছে; যাৰ দৰমহাও নিছেই কম, তাৰোপৰি কামত নগলে দৰমহা নাপায়।

সেয়েহে আমাৰ ক্ষেত্ৰতো ৰ’পৱেৰ ভাড়া, অন্তত জাহাজৰ চলাচল বন্ধ থকা অৱস্থাত কিছু কমালে আমিও উপকৃত হলোহেতেন !

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments