ডিজিটেল ডেস্ক, ১জুলাইঃ ষ্মাৰ্ট ফোন ব্য়ৱহাৰ কাৰী সকলৰ বাবে ডাঙৰ খবৰ । ৩৫ টা স্মাৰ্টফোনত বন্ধ হ’ব হোৱাটছএপ। বৰ্তমান সময়ত হোৱাটছএপটো মানুহৰ জীৱনৰ অংগ হৈ পৰিছে তাৰ মাজতে আহিছে মানুহক আচম্বিত কৰা খবৰ। বন্ধ কৰি দিয়া হ’ ব হোৱাটছএপ । হঠাৎ বন্ধ হৈ যাব পাৰে মেটা মালিকাধীন হোৱাটছএপ । মেটাৰ ফালৰ পৰা আহিছে শেহতীয়া আপডেট । তালিকাত আছে আইফোন, চেমচাং, মটৰোলা, হুৱেই, লেনোভো, এলজি!আইফোন মটৰোলা আৰু চেমচাং সহ ৩৫ টা স্মাৰ্টফোনত নচলিব হোৱাটছএপ।
উল্লেখ্য যে, এই বৰ্ষতে ৩৫ টাতকৈ অধিক স্মাৰ্টফোনৰ আপডেট আৰু কাৰ্যকৰি বন্ধ কৰিব বুলি মেটাই শেহতীয়া ঘোষণা কৰিছে। আপোনাৰ ফোনটো পুৰণা হৈছে নেকি অথবা আপোনাৰ ফোনটো পুৰণি হ’লেও আপুনি চলাই থাকিম বুলি যদি ভাবি আছিলে তেন্তে এতিয়াৰে পৰা আপুনি আপুনাৰ পুৰণি ফোনটো চলাব নোৱাৰিব ।
কিয়নো আপুনি পুৰণি ফোনটোৰ কাৰণে বিভিন্ন সমস্যাত ভুগিব পাৰে। আপোনাৰ ফোনটোত হোৱাটছএপটোৱে নলব আপডেট। যদি আপোনাৰ ফোনটো বেছি পুৰণি হৈ গৈছে তেনেহ’লে উপলব্ধ নহব হোৱাটছএপৰ সুবিধা। বৰ্তমানে হুৱেই আৰু এলজি ব্ৰেণ্ডে ভাৰতত ফোন বিক্ৰী কৰিবলৈ বন্ধ কৰি দিছে । যি সকল লোকে বৰ্তমানে এই সমুহ স্মাৰ্ট ফোন চলাই আছে সেই সকল লোকৰ ফোনত উপলব্ধ নহ’ব হোৱাটছএপৰ সুবিধা। ফোনকেইটা হৈছে apple ৰ iphone 5, iphone 5c iphone 6,iphone 6s plus, iphone 6s আৰু iphone se,samsung galaxy ace plus,galaxy s4 mini I9192 duos,galaxy core,galaxy express2,
galaxy grand,galaxy note 3 neo lte + আৰু galaxy s 19500 ।