Thursday, November 7, 2024
Homeঅসমতিৱা স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত নহ'ল বামুণী দলৈ গাওঁ

তিৱা স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত নহ’ল বামুণী দলৈ গাওঁ

বঢ়মপুৰ ,৮আগষ্ট:::: আজিও বঞ্চিত হৈ ৰ’ল নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুণী দলৈগাঁৱৰ তিৱা লোকসকল । ১৯৯৫ চনতেই তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই তিৱাসকলৰ জাতীয় সংগ্ৰামক সন্মান জনাই “তিৱা স্বায়ত্ব পৰিষদ” প্ৰদান কৰা হৈছিল । প্ৰতিষ্ঠা কালৰে পৰা বঞ্চিত হৈ আহিছিল ৰাজ্যৰ প্ৰায় ১২৮ খন গাঁৱৰ তিৱা ৰাইজ । ইয়াৰ ফলত দীৰ্ঘদিনে অৰ্থনৈতিক , সামাজিক ,সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে বঞ্চিত হৈ আহিছিল গাঁওসমূহৰ ৰাইজ ।

শেহতীয়াকৈ যোৱা ৩ আগষ্টত ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি বিভাগে পৰিষদৰ পৰিধিৰ পৰা বাদ পৰি ৰোৱা ৰাজ্যৰ ১১৩ খন গাঁৱক পৰিষদত অন্তৰ্ভুক্ত কৰিবৰ বাবে ৰাজপত্ৰৰ যোগেদি ঘোষণা কৰে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক সমগ্ৰ তিৱা ৰাইজে আদৰণি জনাইছে । ইয়াৰ লগে লগে দীৰ্ঘদিন ধৰি বঞ্চিত হৈ অহা তিৱা লোকসকলৰ মাজত বিশেষকৈ এক আশাৰ সঞ্চাৰ হৈছে । পৰিতাপৰ বিষয় যে , এই ৰাজপত্ৰত অন্তৰ্ভুক্ত নহ’ল তিৱা স্বায়ত্ব পৰিষদৰ লালুংপাৰ সমষ্টিৰ বামুণী দলৈগাঁও । বামুণী দলৈ গাঁৱৰে এটা অংশ তিৱা পৰিষদত অন্তৰ্ভুক্ত যদিও এটা অংশ আজিও বাদ পৰি ৰ’ল ।

উল্লেখ্য যে , লালুংপাৰ সমষ্টিটো তিৱা পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ দখলত আছে । ইয়াৰ পিছতো সমষ্টিটোৰ এখন গাঁও আজিও পৰিষদত অন্তৰ্ভুক্ত নোহোৱাৰ ঘটনাই চকু কপালত তুলিছে সচেতন মহলৰ । এই সন্দৰ্ভত নাগৰিক সভা বামুনীৰ সম্পাদক অজয় পাটৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে -বামুণী দলৈ গাঁও তিৱা স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত নোহোৱাটো এক বিড়ম্বনাৰ কথা । এই কথাই পৰিষদৰ অধ্যক্ষজনৰ কাৰ্যক্ষমতাৰ ওপৰত প্ৰশ্ন তুলিব । এনে কাৰ্যই অধ্যক্ষ মদন বৰদলৈৰ দুৰ্বলতাকে দাঙি ধৰিছে । কিয়নো সমষ্টিটোৰ প্ৰতিনিধি হিচাপে তেওঁ এই ক্ষেত্ৰত বিফল হৈছে । বিফলতাই আগন্তুক দিনত সমাজত বিৰুপ প্ৰভাৱ পেলাব । এই ক্ষেত্ৰত পৰিষদখনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি বামুণী দলৈ গাঁৱক তিৱা স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত কৰিবৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments