Friday, March 13, 2026
Homeঅসমগহপুৰৰ ব্ৰহ্মাজান ৰে'লৱে ষ্টেচন লৈ ৰাইজৰ অসন্তুষ্টি

গহপুৰৰ ব্ৰহ্মাজান ৰে’লৱে ষ্টেচন লৈ ৰাইজৰ অসন্তুষ্টি

গহপুৰ, ১৭আগষ্ট: গহপুৰৰ ব্ৰহ্মাজান ৰে’লৱে ষ্টেচনক লৈ ৰাইজৰ মাজত তীব্ৰ অসন্তুুষ্টি।ব্ৰহ্মাজান ৰে’লৱে ষ্টেচনত নাই যাত্ৰীৰ বাবে নাই কোনো ধৰণৰ সা-সুবিধা।দৈনিক শ শ যাত্ৰী উক্ত ষ্টেচনৰ পৰাই দূৰ-দৰনিলৈ যাত্ৰা কৰে।এশ এবুৰি সমস্যাৰে জৰ্জৰিত ষ্টেচনটোত যাত্ৰী সকলৰ বাবে নাই খোৱা পানীৰ ব্যৱস্থা,অনাময় ব্যৱস্থা।

নিশা হ ‘লে এন্ধাৰ,নাই কোনো ষ্ট্ৰিট লাইটৰ ব্যৱস্থা।জিৰণিৰ বাবে কোনো ধৰণৰ সু-ব্যৱস্থা। ৰে’লৱে ষ্টেচনটো ৰে’ল বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত হাবি-জংঘলে পৰিৱেশ জয়াল কৰি তুলিছে। যাক লৈ শনিবাৰে ব্ৰহ্মাজানৰ ছান লাইট ক্লাৱ আৰু চিলঠিয়া গাঁওৰক্ষী বাহিনীয়ে ষ্টেচনৰ হাবি-জংঘল সমূহ কাটি পৰিৱেশ নিকা কৰে।লগতে ৰে’ল বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষলৈ যাত্ৰীৰ সুবিধাৰ দাবীত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments