ডিব্ৰুগড, ৩১আগষ্ট: চৰম সিদ্ধান্ত কৰিবলৈ চেষ্টা কৰা এজন আৰক্ষী কনিষ্টবলক প্ৰাণ বচাবলৈ গৈ বগীবিল আৰক্ষী চকীৰ IC তীৰ্থ চেত্ৰী গুলীবিদ্ধ।
বগীবিল আৰক্ষী চকীত কৰ্তব্যৰত কনিষ্ঠৱল প্ৰাঞ্জল বৰাই বগীবিল আৰক্ষী চকীৰেই বন্দুকেৰে চৰম সিদ্ধান্তৰ চেষ্টা চলাওতেই এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।আৰক্ষী সূত্রৰ মতে আজি পুৱা প্ৰাঞ্জলে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয়, তাৰ পাছতে পত্নীক মুৰত সৰু কুঠাৰেৰে আক্ৰমণ কৰে। পত্নীক গুৰুত্বৰ ভাৱে আঘাত কৰাৰ পাছতে বগীবিল আৰক্ষী চকীত আহি এগৰাকী মহিলা প্ৰহৰীৰ পৰা এটা SLR টনা আজুৰা কৰি আত্মহত্যাৰ চেষ্টা চলাই।
প্ৰথমে এজাই গুলী ফুটি আৰক্ষী চকীৰ টিনপাতত লাগে।দ্বিতীয়টো গুলী পুনৰ আত্মহত্যাৰ বাবে নিজলৈ তুঁৱাই লওঁতেই সেই সময়তেই IC তীৰ্থ চেত্ৰীয়ে কনিষ্টবল জনক প্ৰাণ বচাবলৈ গৈ হাতত গুলীবিদ্ধ হৈ আঘাটপ্ৰাপ্ত হয়। ইতিমধ্যে চৰম সিদ্ধান্তৰ চেষ্টা চলোৱা কনিষ্টবল জনক গ্ৰেপ্তাৰ কৰাৰ লগতে আঘাটপ্ৰাপ্ত IC চেত্ৰীক AMCH ত ভৰ্তি কৰোৱা হয়। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাঞ্জলৰ দ্বিতীয়া পত্নী পৰিস্মৃতাৰ সৈতে। বগীবিল জগুলনী গ্ৰান্টত পত্নীৰ সৈতে ভাৰ কৰি থাকিছিল বগীবিল আৰক্ষী চকীত কৰ্মৰত প্ৰাঞ্জল বৰাই। বৰাৰ ঘাই ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে বগীবিল আৰক্ষী চকীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰীৰ আজি অন্তিমটো দিন আছিল।কাৰ্বি আংলঙলৈ বদলি হৈছিল তীৰ্থ চেত্ৰী।পুৱা প্ৰায় ৯ বজাত সংঘটিত হোৱা এই ঘটনাৰ পাছত
ডিব্ৰুগড় আৰক্ষীৰ এটা দলে বগীবিল আৰক্ষী চকীত উপস্থিত হৈ তেজৰ চেকুৰা, নমুনা সংগ্রহ কৰাৰ লগতে ক্ৰাইম চিনত প্ৰাৰম্ভিক তদন্ত চলাই। লগতে জব্দ কৰে SLR টো।বৰ্তমান বৰবৰুৱা থানাত জেৰা চলাই থকা হৈছে প্ৰাঞ্জল বৰাক।
প্ৰাঞ্জলৰ দ্বিতীয়া পত্নী পৰিস্মৃতা দাসকো আৰক্ষীয়ে আটক কৰিছে।
