শদিয়া, ২ছেপ্তেম্বৰ: ঐতিহাসিক শদিয়াৰ শান্তিপূৰ আৰু কুণ্ডিল অঞ্চলত আটাছুৰ সজাতি দল। অঞ্চলটোৰ বিভিন্ন স্থানত একাংশ অবৈধ লোকে ভূমি দখল আৰু ক্ৰয় কৰা বিষয়টো শেহতীয়াকৈ চৰ্চিত হৈ থকাৰ সময়তে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে শদিয়া আঞ্চলিক তাই আহোম ছাত্র সন্থা আৰু তিনিচুকীয়া জিলাৰ নেতৃবৰ্গৰে চৰজমিন তদন্ত কৰে ।
তদন্তত বহু বিষয় তথ্য সহকাৰে লাভ কৰিছে বুলি জানিবলৈ দিয়ে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে।তদুপৰি এই সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও মত প্ৰকাশ কৰে।