Wednesday, March 11, 2026
Homeঅসমচিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ বৈঠক

চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ বৈঠক

বিজনী, ১৮ছেপ্তেম্বৰ: চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ বৈঠকত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

চিৰাঙৰ বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি মিত্ৰজোঁট ইউপিপিএল, বিজেপি আৰু অগপ দলৰ সৈতে চিদলী চিৰাং বিধানসভা সমষ্টিৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয় মুখ‍্যমন্ত্ৰী গৰাকী।

বৈঠকত মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্বৰে উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অশোক সিংহল,মন্ত্ৰী ইউ জি ব্ৰহ্ম, অগপ সাংসদ ফণীভূষণ চৌধুৰী,বিটিআৰৰ মুখ‍্য প্ৰমোদ বডো,ৰাজ‍্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে কেবাজনো বিধায়ক উপস্থিত থাকে।

মুখ‍্যমন্ত্ৰীৰ মন্তব্য:  অহা অক্টোবৰ বা নভেম্বৰৰ ভিতৰতে উপ নিৰ্ব্বাচন হব । আজি বিজেপি-ইউপিপিএল-অগপৰ যৌথ সভা হয়। প্ৰস্থুতিৰ আলোচনা হয়। চামুগুৰি বিজেপি,বঙাইগাঁও অগপ আৰু চিদলী ইউপিপিএল দলে প্ৰাৰ্থী দিব। বিজেপি-ইউপিপিএল দল লগ লাগিলে ভাল হব বুলি কয় মুখ্যমন্ত্ৰীয়ে । আমছুৰ লৰা আগত ওলাব পৰা নাছিল কিন্ত আজি নিৰাপত্তা পোৱা বাবে ওলাব পাৰিছে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিব পাৰিছে। বিটিআৰৰ ইএম অৰূপদেৰ বিতৰ্ক সন্দৰ্ভত কয় তেওঁক বিতৰ্কত সোমাবলৈ হাক দিয়া বুলি জনায়। বিটিচি পৰিষদীয় নিৰ্ব্বাচনত মিত্ৰতা নাথাকে কিয়নো তেওঁলোকে আমাক আসন দিব নোৱাৰিব। বিজেপিয়ে বড়ো জনগোষ্টীৰ ক্ষতি হোৱাটো নিবিচাৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments