ডিজিটেল ডেস্ক, ২৩ছেপ্তেম্বৰ: ৰাজ্যৰ বহুকেইখন জিলাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ Yellow Alert এলাৰ্ট জাৰি। আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কামৰূপ মহানগৰ জিলা, কামৰূপ গ্ৰাম্য জিলা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, কোকৰাঝাৰ, গোৱালপাৰা, মৰিগাঁও, নগাঁও, যোৰহাট, শিৱসাগৰ, চৰাইদেও, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ।
মুঠ ১৬খন জিলাত জাৰি কৰা হৈছে Yellow Alert। ঠিক তেনেদৰে ধুবুৰী জিলাত ২৬ ছেপ্টেম্বৰলৈ Yellow Alert জাৰি কৰা হৈছে।কোকৰাঝাৰত ২৫ ছেপ্টেম্বৰলৈ জাৰি কৰা হৈছে Yellow Alert। গোৱালপাৰাত Yellow Alert জাৰি কৰা হৈছে ২৪ ছেপ্টেম্বৰলৈ।
কামৰূপ গ্রাম্যত ২৬ ছেপ্টেম্বৰলৈ, কাছাৰ জিলাত ২৫ ছেপ্টেম্বৰলৈ Yellow Alert জাৰি কৰিছে।গুৱাহাটী মহানগৰীত পুনৰ ২৬ ছেপ্টেম্বৰত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞানীয়ে। আগন্তুক ৫ দিনলৈ এইসমূহ জিলাৰ কিছু কিছু ঠাইত বিজুলী-ঢেৰেকনিৰ সৈতে বৰষুণ আহিব বুলি জানিব দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে।