ডিজিটেল ডেস্ক, ANEWS24X7: সুস্থ শৰীৰ বাবে নিদ্ৰা অতিকৈ প্ৰয়োজন ৷ কম পৰিমাণৰ নিদ্ৰাৰ ফলত শৰীৰ দুৰ্বল হোৱাৰ লগতে বিভিন্ন ৰোগে দেখা দিব পাৰে ৷ নিশা ভাল টোপনিয়ে আমাৰ শৰীৰৰ পাচন প্ৰক্ৰিয়া শক্তিশালী কৰাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে ৷
নিদ্ৰা হৈছে এজন ব্যক্তিৰ সু-স্বাস্থ্যৰ এক চাবিকাঠি ৷ কিন্তু বৰ্তমান পৰিৱৰ্তিত জীৱনশৈলীয়ে আমাৰ নিদ্ৰাৰ ক্ষেত্ৰত বিৰুপ প্ৰভাৱ পেলাইছে ৷ কৰ্মব্যস্ততাৰ বাবে এতিয়া বহু লোক অনিদ্ৰাত ভুগিব লগীয়া হৈছে ৷ ইয়াৰ ফলত বিভিন্ন ৰোগে আামাৰ শৰীৰত গ্ৰাহ কৰিবলৈ সুবিধা লাভ কৰিছে ৷
অনিদ্ৰাৰ সমস্যা আমাৰ দৈনন্দিন খাদ্য সম্ভাৰৰ যোগেদি সমাধান কৰিব পাৰো ৷কিছু খাদ্য অভ্যাসে আমাৰ শৰীৰ সুস্থ কৰি ৰখাৰ লগতে অনিদ্ৰাৰ সমস্যাৰ পৰা আমাক দূৰ কৰিব পাৰে ৷ কেইটামান ঘৰুৱা উপায়েৰে এই সমস্যাৰ পৰা ৰক্ষ্যা পাব পাৰা যায় ৷
আলমণ্ড বা কাঠবাদাম- আলমণ্ড হৈছে উচ্চ ভিটামিন সম্পন্ন এক প্ৰকাৰৰ ফল ৷ আলমণ্ডত প্ৰচুৰ পৰিমাণে চৰ্বি , কেলছিয়াম , মেগনেছিয়াম আৰু মেলাটনিন পোৱা যায় ৷ মেকছিয়াম মেগনেছিয়ামে শৰীৰ মাংসপেশী উন্নত কৰাৰ লগতে টোপনি অহাত সহায় কৰে ৷ আনহাতে মেলাটনিন হৈছে টোপনি আৰু টোপনিৰ পৰা সাৰ পোৱা চক্ৰক নিয়ন্ত্ৰণ কৰা এবিধ হৰম’ণ ৷ নিশা শোৱাৰ আগত এগিলাছ গাখীৰৰ লগত কেইটামান আলমণ্ড খালে ভাল নিদ্ৰা পাব পাৰি ৷ আলমণ্ড চালৰ বাবেও ভাল ৷ ইয়াক নিয়মিত খালে চাল নিমজ আৰু সতেজ হৈ থাকে ৷
তুলসী আৰু পদিনা – তলসী আৰু পদিনাই মানসিক চাপ লাঘৱ কৰাত সহায় কৰে ৷ তুলসীৰ ৰস নিশা শোৱাৰ পূৰ্বে এগিলাছ গৰম গাখীৰৰ সৈতে সেৱন কৰিলে অনিদ্ৰাৰ সমস্যা দূৰ কৰিব পৰা যায় ৷ আনহাতে পদিনাই আমাৰ মন সতেজ কৰি ৰাখে ৷
খিচমিছ- শুকান আঙুৰ বা খিচমিছে নিদ্ৰা অনাৰ ক্ষেত্ৰত সহায় কৰে ৷ নিয়মিত গৰম গাখীৰ লগত কেইটামান খিচমিছ খালে সুফল লাভ কৰিব পৰা যায় ৷