নিউজ ডেস্ক, ANEWS24X7 : আজিৰে পৰা বুধবাৰলৈকে অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনায় ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি উত্তৰ আন্দামান সাগৰৰ ওপৰত সৃষ্টি হোৱা এটা নিম্ন চাপৰ ফলত ২৪ অক্টোবৰৰ ভিতৰত এক ঘূৰ্ণি বতাহৰ ৰূপ লোৱাৰ সম্ভৱনা আছে। যাৰ ফলত পশ্চিম বংগ, ওড়িষা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই ঘূৰ্ণি বতাহটোৰ নাম হৈছে ‘ছিট্ৰাং’ । এই ঘূৰ্ণি বতাহৰ ফলত অহা ২৬ অক্টোবৰলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে আই এম ডিয়ে।
উল্লেখ্য যে, ২৪ অক্টোবৰত বংগোপসাগৰত ঘূৰ্ণি বতাহৰ ৰূপ লোৱাৰ পাছত ২৫ অক্টোবৰত এই ঘূৰ্ণি বতাহে বাংলাদেশৰ উপকূলত খুন্দা মৰাৰ পূৰ্ণ সম্ভৱনা আছে।