নিউজ ডেস্ক, ANEWS24X7: অসমীয়া ছবিজগতৰ মহীৰূপ নিপন গোস্বামী সোমবাৰৰ পৰা নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।
শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতা গৰাকীক। তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকীক।সোমবাৰৰ তুলনাত বৰ্তমান স্বাস্থ্যৰ কিছু উন্নতি হৈছে অভিনেতাগৰাকীৰ।
কিন্তু ইয়াৰ মাজতে জনপ্ৰিয় অভিনেতাগৰাকী মৃত্যু হোৱা বুলি একাংশ লোকে সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ চলাইছিল ৷ এই ভুৱা বাতৰি বিয়পি পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সমগ্ৰ ৰাজ্যতে ৷
চিকিৎসাধীন অৱস্থাত থকা অভিনেতাগৰাকীৰ ভুৱা মৃত্যুৰ খবৰ বিয়পোৱা ঘটনাই স্বাভাৱিকতে আচৰিত কৰি তুলিছে ৰাইজক। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছে অভিনেতাগৰাকী।