Tuesday, July 8, 2025
Homeঅসম১ নৱেম্বৰৰ পৰা বন্ধ থাকিব কলীয়া ভোমোৰা দলং

১ নৱেম্বৰৰ পৰা বন্ধ থাকিব কলীয়া ভোমোৰা দলং

নিউজ ডেস্ক, ANEWS24X7:১ নৱেম্বৰৰ পৰা বন্ধ থাকিব কলীয়া ভোমোৰা দলং ৷ মেৰামতিৰ বাবে কলীয়া ভোমোৰা দলঙৰ ওপৰেৰে যান-বাহন চলাচল বন্ধ ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ শোণিতপুৰ জিলা উপায়ুক্তৰ সভাকক্ষত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণৰ উপ সঞ্চালক বিবেক যোশী আৰু জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এক সংবাদমেলযোগে ঘোষণা কৰে এই কথা ।

এই সময়চোৱাত যাতে যাত্ৰী সকলৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাৱ প্ৰশাসনে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন কলীয়া ভোমােৰা দলঙেৰে যানবাহন সমূহৰ যাতায়তৰ অনুমতি প্ৰদান কৰিছে ৷

উল্লেখ্য যে, দ্বিতীয়খন কলীয়া ভোমােৰা দলঙ প্ৰায় ৫৮৮.৯৫ কোটি টকাৰে ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। এই দলঙখন উত্তৰ পাৰৰ সীমান্তলৈকে যোগাযোগ ব্যৱস্থা সুচল কৰিব ৷ এই দলংখন ভাৰতীয় সেনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ ৷ অৱশ্যে এই দলং খন বৰ্তমানেও আনুষ্ঠানিক ভাবে মুকলি কৰা হোৱা নাই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments