Tuesday, July 8, 2025
Homeঅসমআজিও শিঁয়ৰি উঠে গাৰ নোম

আজিও শিঁয়ৰি উঠে গাৰ নোম

 

ডিজিটেল ডেস্ক, ANEWS24X7 : আজি অভিশপ্ত ৩০ অক্টেবৰ ৷

৩০ অক্টোবৰ দিনটো অসমৰ ইতিহাসৰ এটা ক’লা দিন ৷ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীৰ কেইবাটাও স্থানত সংঘটিত হয় ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ।

ধাৰাবাহিক বোমা বিস্ফোৰণত কঁপি উঠিছিল গুৱাহাটী মহানগৰীৰ গনেশগুৰি, পাণবজাৰ, ফাঁচী বজাৰৰ , বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাঁও।

এই ধাৰাবাহিক বিস্ফোৰণত ৯০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৪৭০ জন লোক আঘাত প্ৰাপ্ত হৈছিল ৷ আন বহু লোক চিৰদিনৰ বাবে ঘুণীয়া হ’ব লগা হৈছিল ৷ এই ভয়ংকৰ বোমা বিস্ফোৰণে আজি ১৪ টা বছৰ অতিক্ৰম কৰিলে ৷ আত্মীয়ক হেৰুৱাৰ বেদনাই আজিও দহে্ ভুক্তভোগী পৰিয়ালক ৷

প্ৰতিবছৰে চৰকাৰী পৃষ্ঠপোষকতাত বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত বিস্ফোৰণস্থলীসমূহত স্মাৰক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যদিও ভুক্তভোগী পৰিয়ালে আজিও ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত মহন্ত বিশ্ব শৰ্মাই এই ভয়ংকৰ বোমা বিস্ফোৰণত পীড়িতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এন.ডি.এফ.বিৰ সভাপতি ৰঞ্জন দৈমাৰী।এই বিস্ফোৰণ কাণ্ডৰ লগত জড়িত থকা এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ২০১৮ চনত চিবিআই আদালতে দোষী সাব্যস্ত কৰা হৈছিল। বৰ্তমানে কাৰাগাৰত জীৱন অতিবাহিত কৰিছে আটাইকেইজন দোষীয়ে।বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰঞ্জন দৈমাৰীক চিবিআই আদালতে আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

উল্লেখ্য যে , ৩০ অক্টোবৰ দিনটো উত্তৰ-পূবত বিদ্ৰোহৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ দিন ৷ ভাৰতৰ ইতিহাসৰ তৃতীয় সৰ্ববৃহৎ বোমা আক্ৰমণ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments