ডিজিটেল ডেস্ক, ANEWS24X7: ২০১৯ চনৰ দেশ কঁপোৱা কা আন্দোলনে অতিক্ৰম কৰিলে তিনিটা বছৰ । কা আন্দোলনত অসমৰ ৫ জনকৈ লোক ছহীদ হৈছিল । কা আন্দোলনত ছহীদ হৈছিল ১৬ বছৰীয়া ছেম ষ্টেফ’ৰ্ড । ছেম ষ্টেফ’ৰ্ডৰ হত্যাৰ লগত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল ।

আৰক্ষীৰ তদন্তত এই হত্যাকাণ্ডৰ লগত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংৰ জড়িত থকাৰ কোনো তথ্য প্ৰমাণ লাভ নকৰিলে । ইয়াৰ পিছতে কামৰূপ জিলা মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অভিযোগ মুক্ত কৰে জি পি সিঙক । ছেম ষ্টেফ’ৰ্ডৰ শৰীৰত গুলী লগাটো নিশ্চিত হৈছে যদিও গুলী চালনা কৰা ব্যক্তি গৰাকীক চিনাক্ত কৰিব পৰা নগ’ল বুলি ন্যায়ালয়ত আৰক্ষীয়ে প্রতিবেদন দাখিল কৰিছে ।
উল্লেখ্য যে কামৰূপ জিলা মুখ্য ন্যায়াধীশৰ আদালতে ছেম ষ্টেফ’ৰ্ডৰ পৰিয়ালটোক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।জিলা আইন সেৱা প্রাধিকৰণক এই নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ।
