ডিজিটেল ডেস্ক, ANEWS24X7: ক্ৰমাত অধিক জতিল হৈ পৰিছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৷ ইক্ৰেইনৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে ৰাছিয়া ৷ৰাছিয়াৰ আগ্ৰাহি ভূমিকাত এতিয়া চিন্তিত সমগ্ৰ বিশ্ব ৷ এইবাৰ ইউক্ৰেইনৰ শক্তি উৎপাদন কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণ ৷
সোমবাৰে ৰাছিয়াই ইউক্ৰেইনৰ এটা শক্তি উৎপাদন কোন্দ্ৰত আক্ৰমণ চলাই ৷ ইয়াৰ ফলত ইউক্ৰেইনৰ প্ৰায় ৩.৫ লাখ লোকৰ বাসগৃহ আন্ধকাৰ হৈ পৰে ৷
উল্লেখ্য যে ইউৰোপীয় দেশ সমূহত বিদ্যুৎৰ প্ৰয়োজনিয়তা অধিক ৷ বিশেষকৈ শীতৰ দিনত ৷ শীতৰ দিনত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ বিদ্যুৎৰ বিশেষ ভাবে প্ৰয়োজন হয় ৷ ৰাছিয়াই এই আক্ৰমণে ইউক্ৰেইনৰ জন-জীৱনত ব্যপক ৰূপে প্ৰভাৱ পেলাইছে ৷ বিশেষজ্ঞ সকলৰ মতে জনতাৰ সমৰ্থন ইউক্ৰইন চৰকাৰৰ পৰা আতৰাই আনিবলৈ ৰাছিয়াই এই পদক্ষেপ গ্ৰহণ কৰিছে ৷