Friday, November 8, 2024
Homeঅসম‘‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২’’ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া

‘‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২’’ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া

ডিজিটেল ডেস্ক, ANEWS24X7: ‘‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২’’ বাবে আৰম্ভ কৰা হৈছে আবেদন প্ৰক্ৰিয়া ৷ অসম প্ৰকাশন পৰিষদে ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস গল্প আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থক প্ৰদান কৰিব ‘‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২’’৷

গ্ৰন্থ লেখক আৰু প্ৰকাশকে অহা ২০ নৱেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ পূৰণ কৰি গ্ৰন্থৰ ৫ টা প্ৰতিলিপিৰ সৈতে প্ৰকাশন পৰিষদৰ বামুণীমৈদামত থকা কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব ৷ প্ৰ-পত্ৰ আৰু গ্ৰন্থৰ প্ৰতিলিপি ডাকযোগে প্ৰেৰণ কৰিব লাগিব ৷ প্ৰ-পত্ৰ সমূহ assam publication board@gmail.com ই-মেইলৰ জৰিয়তেও প্ৰেৰণ কৰিব পাৰিব ৷

নিৰ্বাচিত গ্ৰন্থ খনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে প্ৰদান কৰা হ’ব বঁটা ৷ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা গ্ৰন্থ লেখকে মানপত্ৰ আৰু নগত ৫ লাখ টকা লাভ কৰাৰ বিপৰিতে প্ৰকাশকে মানপত্ৰ আৰু ৩ লাখ টকা লাভ কৰিব ৷অসম প্ৰকাশন পৰিষদৰ অফিচিয়েল ৱেবচাইট www.publication board assam.com ৰ পৰা প্ৰ-পত্ৰ সমূহ সংগ্ৰহ কৰিব পাৰিব। এক বিবৃতি যোগে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সদৰী কৰে এই কথা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments