Tuesday, March 10, 2026
Homeঅসমকৰিমগঞ্জৰ ভাৰত-বাংলাদেশৰ মুকলি সীমান্তত ‘‘পিটিজেড বুলেট কেমেৰা’’ স্থাপন

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশৰ মুকলি সীমান্তত ‘‘পিটিজেড বুলেট কেমেৰা’’ স্থাপন

ডিজিটেল ডেস্ক,  ANEWS24X7: কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ মুকলি সীমান্তত স্থাপন কৰা হৈছে ‘‘পিটিজেড বুলেট কেমেৰা’’ ৷ ওখ খুটাত স্থাপন কৰা তিনিটা পিটিজেড বুলেট কেমেৰাৰ দ্বাৰা একে সময়তে তিনিটা দিশ পৰ্যবেক্ষণ কৰিব ৷ সীমান্তত সংঘটিত হৈ অহা চোৰাং ব্যৱসায়ী , অবৈধ্য অনুপ্ৰৱেশ আদি এই উন্নত মানৰ কেমেৰা কেইটাৰ জৰিয়তে তীক্ষ্ণ দৃষ্টিত থাকিব ৷ ইয়াৰ জৰিয়তে সীমান্তত সংঘটিত হোৱা এই ঘটনা সমূহ প্ৰতিৰোধৰ বাবে সহজ হৈ পৰিব ৷ এই দাবী কৰিছে বি এছ এফৰ বিষয়া সকলে ৷

বিএছএফৰ বিষয়াসকলে কয় যে ,‘‘ এই কেমেৰাৰ নিৰিক্ষণ ক্ষমতা চাৰি কিলোমিটাৰ ৷ নিশাৰ আন্ধাৰতো এই কেমেৰাৰ দ্বাৰা স্পষ্টভাবে মনিটৰ কৰিব পৰা যায় ৷ দুৰ্বৃত্তই যদি অন্ধকাৰৰ সুযোগত সীমান্ত পাৰ হ’বলৈ বিচাৰে তথাপিও এইয়া এতিয়া সম্ভৱ নহ’ব ৷ ইয়াৰ জৰিয়তে কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্ত বহু পৰিমাণে সুৰক্ষিত হ’ব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments