ডিজিটেল ডেস্ক, ANEWS24X7: অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত সংঘটিত হৈছে ভয়ঙ্কৰ অগ্নিকাণ্ড সংঘটিত হৈছে। জুইৰ লেলিহান শিখাই ছানি ধৰে সমগ্ৰ আঞ্চলটোতে।
অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান, প্ৰায় ২০০ অধিক বাসগৃহ আৰু কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।
অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই। বোকাজানৰ লগতে ডিমাপুৰৰ ৪খনকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। ঘটনা স্থলীত খটখটী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।