ডিজিটেল ডেস্ক, ANEWS24X7: অগ্ৰগতি লাভ কৰিছে ‘কৃত্ৰিম সূৰ্য’ নিৰ্মাণৰ কাম ৷ ফ্ৰান্সত বিশ্বৰ ৩৫ খন দেশে মিলি নিৰ্মাণ কৰি থকা পৃথিৱীৰ সৰ্ববৃহৎ ‘কৃত্ৰিম সূৰ্য’ নিৰ্মাণৰ কাম যথেষ্ট অগ্ৰগতি লাভ কৰিছে ৷কৃত্ৰিম সূৰ্যটোৰ নাম হৈছে ইন্টাৰনেচনেল থাৰ্মোনিউক্লিয়াৰ ৰিএক্টৰ চমুকৈ আইটিইআৰ ৷
আইটিইআৰ হৈছে পাৰমাণৱিক সংমিশ্ৰণৰ ওপৰত এই বৃহৎ আন্তৰ্জাতিক প্ৰকল্প ৷ এই প্ৰকল্পত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন , ভাৰত, ৰাছিয়া, জাপান , দক্ষিণ কোৰিয়া , চুইজাৰলেণ্ড আৰু ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশ জড়িত হৈ আছে ৷ দেশসমূহে আশা কৰে যে সূৰ্যৰ পৰা শক্তি উৎপাদনৰ প্ৰক্ৰিয়া অনুসৰণ কৰি বৃহৎ পৰিমাণৰ পৰিৱেশ অনুকূল শক্তি উৎপাদন কৰা সম্ভৱ হ’ব। প্ৰকল্পটোৰ সন্দৰ্ভত চীনে কয় যে, ইতিমধ্যে আইটিইআৰৰ এটা মুখ্য উপাদান তৈয়াৰ কৰাৰ কাম সম্পূৰ্ণ কৰা হৈছে।
এই প্ৰকল্পত ইউৰোপে ৪৫ শতাংশ ব্যয় বহন কৰিছে ৷ আনহাতে প্ৰকল্পটোৰ লগত জড়িত প্ৰতিখন দেশে মুঠ ব্যয়ৰ ৯ শতাংশ ব্যয় বহন কৰিছে ৷
প্ৰকল্পটোৰ সৈতে জড়িত প্ৰতিখন দেশে আইটিইআৰ প্ৰকল্পৰ বাবে বিভিন্ন উপাদান , পদ্ধতি আৰু আন্তঃগাঁথনি নিৰ্মাণ কৰি অৱদান আগবঢ়াইছে ৷