ডিজিটেল ডেস্ক, ANEWS24X7 : জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, পদ্মশ্ৰী, অসমৰত্ন মামণি ৰয়ছম গোস্বামী বাইদেউৰ আজি ১১ সংখ্যক পুণ্যতিথি। তেখেতে মৌলিক চিন্তা, নিৰলস সাধনা আৰু তীক্ষ্ণ ভাষাৰে সাহিত্য জগতৰ লগতে সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰলৈও উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ সৃষ্টিৰাজিয়ে সদায়েই এক সুকীয়া বৈশিষ্ট্য বহন কৰে। সমাজ জীৱনৰ বাস্তৱ ছবিখন নিজৰ সৃষ্টিৰাজিৰ মাজেৰে দাঙি ধৰি মামণি ৰয়ছম গোস্বামী বাইদেৱে অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে।
২০০৪ চনত মামনি ৰয়ছম গোস্বামী বাইদেউৱে অসমৰ স্বাধীনতাকামী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক (ULFA) হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হোৱাত সহায় কৰাৰ প্ৰয়াস কৰিছিল।
সেই প্ৰয়াসলৈ সঁহাৰি জনাই সংগঠনটোৱে অসমৰ বিশিষ্ট নাগৰিক আৰু প্ৰচাৰ মাধ্যমৰ প্ৰতিনিধিক লৈ People’s Consultive Group (PCG) গঠন কৰে। PCG -ৰ মাধ্যমেৰে সংগঠনটোৰ চৰকাৰৰ লগত তিনিলানী আলোচনা অনুষ্ঠিত হৈছিল। ইয়াৰে এলানী আলোচনাত ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙেও ভাগ লৈছিল।
সাহিত্যৰ লগতে কু-সংস্কাৰ, অন্ধবিশ্বাস, নাৰীৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে সমাজ জীৱনলৈ তেখেতে বহু অৱদান আগবঢ়াই গৈছে। অসমীয়া সাহিত্যৰ ভঁৰাললৈ অনবদ্য অৱদান আগবঢ়োৱা বৰেণ্য সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে নিজৰ সৃষ্টিৰাজিৰে সমগ্ৰ অসমীয়া জাতিসত্তাক সমৃদ্ধ কৰি গৈছে। ৰামায়ণী সাহিত্যৰ গৱেষক, জ্ঞানপীঠ বঁটাপ্ৰাপক ড° ইন্দিৰা গোস্বামী তথা মামণি বাইদেউৰ আজি পৱিত্ৰ পুণ্যতিথিত জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।