ডিজিটেল ডেস্ক, ANEWS24X7: মঙলবাৰে বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় অসম কেবিনেট। অসম কেবিনেটে গুৱাহাটীত আৰু তিনিখন উৰণীয়া সেতু নিৰ্মাণত অনুমোদন জনায়। শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত সংবাদমেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
নিৰ্মাণ হ’বলগীয়া তিনিখন উৰণীয়া সেতু এখন ডাউন টাউন হাস্পতালৰ সন্মুখত, এখন কুমাৰপাৰা আৰু আনখন ফটাশিল আমবাৰীত নিৰ্মাণ হ’ব।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিব দিয়ে যে উৰণীয়া সেতুৰ বাবে ডিপিআৰ প্রস্তুত কৰিব । অনহাতে ডিপিআৰ প্রস্তুত কৰিবলৈ এবছৰৰ সময় লাগিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷