ডিজিটেল ডেস্ক, এ নিউজ ২৪x৭ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চলি থকা ৰেগিংৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনাৰ লগত জড়িত ছাত্ৰৰ ওপৰত কঠোৰ শাস্তিৰ দাবী তোলাৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে । তেনে সময়তে মুখ্যমন্ত্ৰীয়ে ৰেগিংকাণ্ডক লৈ পুনৰ মন্তব্য প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষানুষ্ঠানত ৰেগিং কেতিয়াও সহ্য কৰা নহ’ব। নিশাই SPক ৰেগিঙত জড়িত ছাত্ৰক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিলোঁ। ৰেগিং ৰোধত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলা নিশ্চয় আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, PNGB ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
খ্যমন্ত্ৰীগৰাকীয়ে কয় ঘটনাই যিয়েই গাপ দিব বিচাৰিছিল সকলো তদন্তৰ আওতালৈ আহিব। আৰক্ষীৰ দ্বাৰা তদন্ত কৰা হ’ব সমগ্ৰ ঘটনা আৰু আমি ইয়াৰ ব্যৱস্থা লম। কেবিনেটে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে।
ঘটনাৰ তদন্তৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰেগিঙৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা। পলাতক হৈ থকা অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হ’ব। তদন্তৰ গাফিলতি কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব।’’