Friday, November 8, 2024
Homeঅসমমেধাৱী শিক্ষাৰ্থী সকলক প্ৰদান কৰা হয় ড° বাণীকান্ত কাকতি মেধা বঁটা

মেধাৱী শিক্ষাৰ্থী সকলক প্ৰদান কৰা হয় ড° বাণীকান্ত কাকতি মেধা বঁটা

ডিজিটেল ডেস্ক, ANEWS24X7:  ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থী সকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান ৷ উচ্চতম মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৬০ শতাংশ নম্বৰৰ ওপৰত লাভ কৰা ছাত্ৰী সকল আৰু ৭৫ শতাংশ নম্বৰৰ ওপৰত লাভ কৰা ছাত্ৰী সকলৰ মাজত বিতৰণ কৰা হ’ব এই বঁটা ৷

বুধবাৰে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ মোধাৱী শিক্ষাৰ্থী সকলক প্ৰদান কৰা হয় ড° বাণীকান্ত কাকতি মেধা বঁটা ৷ এই বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সমগ্ৰ ৰাজ্যৰ ৩৫,৮০০ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব এই বঁটা ৷ ইয়াৰে ৬,০৫২গৰাকী ছাত্ৰ আৰু ২৯,৭৪৮গৰাকী ছাত্ৰী ৷

পূৰ্বতে এই বঁটা কেৱল ছাত্ৰী সকলকহে প্ৰদান কৰা হৈছিল ৷ চলিত বৰ্ষৰ পৰা ৰাজ্যৰ শিক্ষাৰ্থীৰ শিক্ষাগত পাৰদৰ্শিতাৰ ক্ষেত্ৰত এক উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰী উভয়কে প্ৰদান কৰে এই বঁটা ৷

উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু , মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী অতুল বৰা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্ত, বিধায়ক শ্ৰমানৱ ডেকা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাকে আদি কৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments