Monday, July 7, 2025
Homeঅসমখানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । পুৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে । পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰে শ্বহীদ সকলক স্মৰণ কৰি ৰাজ্যবাসীক সম্বোধন কৰে । ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই স্বাধীনতা আন্দোলনৰ শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকনক সোঁৱৰে । লগতে কৃষক বিদ্ৰোহ দমনৰ বাবে বৃটিছে ফুলগুৰি ধেবা, পথৰুঘাট, ৰঙিয়া আদিৰ ৰাইজমেলত কেনেদৰে হত্যালীলা কৰিছিল তাৰ কথা উল্লেখ কৰে । বৃটিছৰ দমন আৰু অত্যাচাৰৰ বিৰুদ্ধে কেনেদৰে অসমৰ জনতাই যুঁজ দিছিল তাৰ কথা উল্লেখ কৰে । আনহাতে ৰাজ্যৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে ৰাজ্যৰ ৪ হাজাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় ইংৰাজী মাধ্যম কৰাৰ কথা ঘোষণা কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments