Tuesday, July 8, 2025
Homeবাণিজ্যব্যাহত হৈ পৰিছিল গুগলৰ জিমেইল সেৱা

ব্যাহত হৈ পৰিছিল গুগলৰ জিমেইল সেৱা

ডিজিটেল ডেস্ক, ANEWS24X7: ব্যাহত হৈ পৰিছিল গুগলৰ জিমেইল সেৱা ৷ শনিবাৰে বিশ্বৰ কেইবাখনো দেশত হঠাৎ বন্ধ হৈ পৰে জিমেইল সেৱা ৷ ইয়াৰ ফলত জিমেইলৰ এপ আৰু ডেস্কটপ সংস্কৰণ ব্যৱহাৰ কৰা লাখ লাখ ব্যৱহাৰকাৰী প্ৰভাৱিত হয় ৷ ব্যৱহাৰকাৰী সকলে জিমেইল প্ৰেৰণ কৰাত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে বহু অসুবিধাৰ সন্মুখীন হৈছিল ৷

এই সন্দৰ্ভত জিমেইল কৰ্তৃপক্ষক বিভিন্ন দেশৰ পৰা বহু জিমেইল ব্যৱহাৰকাৰীয়ে অভিযোগ দাখিল কৰিছিল ৷ পৰৱৰ্তী সময়ত পুনৰ সক্ৰিয় কৰা হয় জিমেইল সেৱা ৷ জিমেইল ডাউন হোৱাৰ ফলত অৱদ্ধ হৈ পৰা জিমেইল বাৰ্তা সমূহ পুনৰ প্ৰেৰণ কৰা হয় ৷ জিমেইল সেৱা ব্যাহত হোৱাৰ কথা ডাউন ডিটেক্টৰে নিশ্চিত কৰে ৷

পৰ্টেলটোৱে সদৰী কৰে যে ইউকেৰ সকলো অংশৰ ব্যৱহাৰকাৰীসকলে জিমেইল সেৱাৰ সমস্যাৰ প্ৰতিবেদন দিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments