মেষ ৰাশিঃ বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ’ব। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হ’ব পাৰে। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ’ব। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে ,যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে।
প্ৰতিকাৰ :- ককা-আইতা আৰু তেনেকুৱা বয়সীয়াল লোকৰ সন্মান কৰিলে স্বাস্থ্য ভাল থাকিব।
বৃষ ৰাশিঃ ধ্যান কৰিলে শান্তি লাভ কৰিব। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হ’ব,যেনেকুৱা আপুনি আশা কৰিছিল। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ’ব ,কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক নহ’লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে ,তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হ’ব। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব ।
প্ৰতিকাৰ :- গা ধোৱাৰ পিছত বগা চন্দনৰ তিলক কপালত ল’লে আৰ্থিক অৱস্থাত ভাল প্ৰভাৱ পৰিব।
মিথুন ৰাশিঃ নিজকে পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব- আপুনি নিজকে ভাল আৰু আত্ম-বিশ্বসী কৰি গঢ়ি তুলিব পাৰিব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হ’ব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। অনাকাংক্ষিত ভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হ’ব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভাল ভাৱে অতিবাহিত হ’ব।
প্ৰতিকাৰ :- হাতীৰ ভৰিৰ মাটি নীলা কাপোৰ এখনত বান্ধি লৈ ঘৰত ৰাখিলে চাকৰি আৰু ব্যৱসায় জীৱনত ভাল প্ৰভাৱ পৰিব।
কৰ্কট ৰাশিঃ কাৰণ নোহোৱা চিন্তা আৰু হতাশ জীৱনৰ পৰা গোটেই ৰস শুহি লয় আৰু জীৱনটোক এক শুকান কাঠ কৰি থৈ দিয়ে ,নিজৰ ভালৰ বাবে আপুনি এইবোৰ বাদ দিয়াই শ্ৰেয় নহ’লে এইবোৰে আপোনাৰ সমস্যা বঢ়াব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ’ব। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ’ব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহ’ব। অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল’ব।
প্ৰতিকাৰ :- শোৱাকোঠালীত ক্ৰিষ্টল বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।
সিংহ ৰাশিঃ অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ’ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। সন্তানৰ লগত জড়িত সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগ কৈ ওলাওক। আজি ৰোমাঞ্চ আপোনাৰ মন-মগজুত আৱৰি থাকিব। এইটো তেনেকুৱা ভাল লগা দিন বোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হ’ব । আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হ’ব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভৰ যোগ আছে। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। আপুনি আপোোনাৰ জীৱন লগৰীৰ প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে।
প্ৰতিকাৰ :- পনীয়া বস্তুৰ সেৱন স্বাস্থ্যৰ বাবে অতি উত্তম।
কন্যা ৰাশিঃ যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰেতেন্তে অপুনি বহু ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ ল’ব লাগিব। আজি ওচৰ চুবৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হ’ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল’ব নহলে পইচাৰ লোকচান হ’ব পাৰে। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ’ব। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। নতুুন যোজনা সমূহ আকৰ্ষক হ’ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ’ব। আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
প্ৰতিকাৰ :- পক্ষীক সাত প্ৰকাৰৰ শস্য খুৱালে আপুনি ভাল স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিব।
তুলা ৰাশিঃ কামৰ মাজঅত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ’ব। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমণ হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভাৱ হওক। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। এই ৰাশিৰ জাতক সকল আজি ভাই–ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হ’ব পাৰে।
প্ৰতিকাৰ :- সুখী পাৰিবাৰিক জীৱনৰ বাবে নিজৰ ইষ্ট দেৱতাৰ সোণ অথবা ব্ৰঞ্জৰ মূৰ্তি যিকোনো পৱিত্ৰ অথবা ধাৰ্মিক অনুষ্ঠানত উপহাৰ হিচাপে আগ বঢ়াব পাৰে।
বৃশ্চিক ৰাশিঃ আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন ল’বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচাৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ’ব পাৰে। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব । নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।
প্ৰতিকাৰ :- একমুখী ৰুদ্ৰাক্ষক বগা সূতাত ধাৰণ কৰিলে আৰ্থিক স্থিতি শক্তিশালী হ’ব।
ধনু ৰাশিঃ স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হ’ব। আজি অকল অচিনাকি ব্যক্তি নহয় আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আকাশ খন অধিক উজ্জ্বল দেখা যাব , ফুল সমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ’ব আৰু আপোনাৰ ওচৰে-পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব ,কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। কাম-কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ’ব। এই ৰাশিৰ শিশুবোৰ খেলা-ধুলাত দিন অতিবাহিত কৰিব পাৰে ,এনেতে মা দেউতা বোৰ বেছি ধ্যান দিব লাগে নহলে দুখ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ জীৱন সংগী আপোনাক মৰম আৰু সুখৰ এক বেলেগ পৃথিৱীত বিচৰণ কৰাব পাৰে।
প্ৰতিকাৰ :- বিবাহিত জীৱন সুখৰ কৰিবৰ বাবে যিকোনো ৰাজহুৱা গোঁহালিত সেউজীয়া ঘাঁহ আৰু গৰুৰ দানা দান কৰক ৷
মকৰ ৰাশিঃ আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। পৰিয়ালৰ সদস্যৰ মাজত পইচালৈ কলহ হ’ব পাৰে । পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। আপোনাৰ কাম কৰাৰ শৈলী কিছুমান সহকৰ্মী একদমে পচন্দ নকৰিব ,কিন্তু আপোনাক সিহঁত এই বিষয়ে নক’ব , যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভৱামতে নাহিব তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি আকৌ তাত শুধৰণি কৰিব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব।
প্ৰতিকাৰ :- নিয়মিতভাৱে ঘৰত গংগাজল চটিয়াওক ১০৮ দিনলৈ তেতিয়াহ’লে পৰিয়ালত সুখ আৰু সম্বৃদ্ধি বৃদ্ধি পাব।
কুম্ভ ৰাশিঃ দৈনিক গতিবিধিত গৰ্ভ্বতী মহিলা সকল সাৱধানী বৰ্তাই চলাটো আৱশ্যক। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ’ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্য সমূহ আৰু বন্ধুৰ লগত কটাবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে।
প্ৰতিকাৰ :- ককা-আইতা আৰু তেনেকুৱা বয়সীয়াল লোকৰ সন্মান কৰিলে স্বাস্থ্য ভাল থাকিব।
মীন ৰাশিঃ গৰ্ভৱতী মহিলা সমূহৰ বাবে বহুত ভাল দিন । চলা ফিৰা আৰু ফুৰা চকা সময়ত বিশেষ ধ্যান ৰখা উচিত। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ’ব। যাক আপুনি বহুত বিশ্বাস কৰে ,তেখেত আপোনাক পূৰ্ণ সত্যৰ ঊমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওয়াত সক্ষম হ’ব। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ’বলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমূহ ধ্যান এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধি আশাতকৈ অধিক হ’ব। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আছে।
প্ৰতিকাৰ :- শোৱাকোঠালীত ক্ৰিষ্টল বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।