ডিজিটেল ডেস্ক, A NEWS 24X7: সেনাবাহিনীত যোগদান কৰিব বিচৰা যুৱতী সকলৰ বাবে এটা ভাল খবৰ । কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিৰ যোগেদি ভাৰতীয় সেনাত নিযুক্তি দিব মহিলা প্ৰাৰ্থী । ইয়াৰ বাবে ভাৰতীয় সেনাৰ তৰফৰ পৰা অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ বাবে মুকলি কৰি দিছে অফিচিয়েল ৱেবচাইট । ইছ্যুক যুৱতী সকলে ইণ্ডিয়ান আৰ্মীৰ অফিচিয়েল ৱেবচাইট https://www.joinindianarmy.nic.in ত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব । ৯ আগষ্ট ২০২২ৰ পৰা আৰম্ভ হোৱা অনলাইন নাম পঞ্জীয়ন প্ৰক্ৰিয়া অহা ৭ ছেপ্তেম্বৰ ২০২২ তাৰিখে সমাপ্ত হ’ব ।
অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ১২-১৩ অক্টোবৰৰ ভিতৰত যোগ্য প্ৰাৰ্থী সকলক এডমিট কাৰ্ড প্ৰদান কৰিব। এডমিড কাৰ্ড লাভ কৰাৰ পিছত প্ৰাৰ্থী সকলে শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হ’ব লাগিব ।