ডিজিটেল ডেস্ক, ANEWS24X7: গহপুৰ অপহৰণ কাণ্ডৰ লগত জড়িত ৭ জনক গ্ৰেপ্তাৰ ৷ যোৱা ১৮ ডিচেম্বৰত সংঘটিত হোৱা অপহৰণ কাণ্ডৰ লগত জড়িত থকা ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে বিশ্বনাথ আৰক্ষীয়ে ৷ গহপুৰৰ মিলন নগৰৰ পৰা মঞ্জু বসুমতাৰী নামৰ এগৰাকী মহিলাক ৭ জনীয়া এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছে ৷
দুৰ্বৃত্তৰ দলটোৱে অপহৃত মহিলা গৰাকীক মাজ বাটতে পথত ওপৰত পেলাই পলায়ন কৰে । ইয়াৰ পিছতে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৃত কুমাৰ হোজাইৰ নেতৃত্বত চলিছিল ধাৰাবাহিক অভিযান। গুৱাহাটী,ওদালগুৰি, শোণিতপুৰত বিশ্বনাথ আৰক্ষীয়ে চলাইছিল এই অভিযান । অৱশেষত দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বিশ্বনাথ আৰক্ষীয়ে ।
দুৰ্বৃত্তৰ দলটোক ওদালগুৰিত আটক কৰে বিশ্বনাথ আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰে ৰুহিত বসুমতাৰী, জিংছা বসুমতাৰী, বিমল ৱাৰী, জেমছ বসুমতাৰী, চাৰছাংগা বসুমতাৰী, প্ৰকাশ নাৰ্জাৰী সহ দুগৰাকীকৈ মহিলাক । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।