ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ ছিকিমত লাচেনত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বগৰি পৰে সেনা বাহিনীৰ এখন বাছ ৷ দুৰ্ঘটনাটোৰ ফলত ১৬ জন সেনা জোৱান নিহত হোৱাৰ লগতে আন ৪ জন সেনা জোৱান গুৰুতৰভাৱে আহত হৈছে ৷
বাছখনত মুঠ ২০ জন সেনা জোৱান আছিল ৷ শুক্ৰবাৰে পুৱা উত্তৰ ছিকিমৰ লাচেনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত জেমাত তিনিখন বাহনৰ কনভয় লৈ বাছখন থাংগু অভিমুখে গৈ আছিল ৷ সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ৷ ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ হেলিকপ্টাৰ যোগে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ নিহত সকলৰ ভিতৰত ৩ জন সেনা বিষয়া আছিল ৷
এই ঘটনাৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইট কৰি কয় যে ,‘‘উত্তৰ ছিকিমত সংঘটিত এক পথ দুৰ্ঘটনাত সেনা জোৱানৰ প্ৰাণ হেৰুওৱাৰ বাবে মই গভীৰভাৱে দুখিত। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো । সমগ্ৰ দেশে মৃত সৈনিকসকলৰ ত্যাগ আৰু প্ৰতিশ্ৰুতিৰ বাবে চিৰদিন কৃতজ্ঞ হৈ থাকিব। ”