ডিজিটেল ডেস্ক, ANEWS24X7: অৱশেষত ট্ৰেংকুলাইজ কৰা হ’ল যোৰহাটত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীটো। বন বিভাগৰ তৎপৰতাত ট্ৰেংকুলাইজ কৰা হয় নাহৰফুটুকীটো। সোমবাৰৰ পৰা সন্ত্ৰাস চলাইছিল নাহৰফুটুকীটোৱে
আতংকৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰাৰ পাছত স্হানীয় আৱাসিক এলেকাত সুস্থিৰ পৰিৱেশ বিৰাজ কৰিছে।বন বিভাগক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে আৱাসিক এলেকাৰ লোক সকলে। আৱাসিক এলেকাৰ লোক আৰু বাঘ থকাৰ আশংকা কৰিছে যদিও বন বিভাগৰ লোক সকল বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সস্তম হৈ থাকিব বুলি জানিবলৈ দিছে।
ট্ৰেংকোলাইজ কৰা নাহৰফুটুকী বাঘটো ইতিমধ্যে কাজিৰঙালৈ লৈ গৈছে।।বাঘটো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। নাহৰফুটুকীৰ আক্ৰমণত তিনিজন বনকৰ্মীসহ কমেও ১৩জন লোক আহত হৈছে।