ডিজিটেল ডেস্ক, ANEWS24X7: শিলাবৃষ্টিৰ আনন্দ সকলোৰে বাবে একে নহয়। শিলাবৃষ্টি কাৰোবাৰ বাবে মনোৰম দৃশ্য আন কাৰোবাৰ বাবে অভিশাপ। প্ৰথমে দৃশ্যটোলৈ চাওক। হয়তো এই দৃশ্য দেখি আপ্লুত হ’ব আপুনি
অসমতেই কাশ্মীৰ-মানালীৰ দৰে পৰিবেশ । আচলতে এয়া কোনো কাশ্মীৰ -মানালীৰ দৃশ্য নহয়। এয়া এইখন অসমৰে মৰাণৰ দৃশ্য।
আনহাতে পুহমহীয়া এই শিলাবৃষ্টিয়ে নিমিষতে ঠানবান কৰি গ’ল বহুতৰে সপোন।মৰাণৰ শিলাবৃষ্টিত কাশ্মীৰ-মানালীৰ সৌন্দৰ্য্য যদিও ফুটি উঠিছে তাৰ আঁৰত আছে কিছুমান অতি দুখ লগা ছবি। যি ছবি দেখিলে চকুলো নিগৰিব আপোনাৰো। আপুনি মই বৰফৰ শুভ্ৰ আস্বাদনৰ সৌন্দৰ্য্য উপভোগ কৰিছো কিন্তু এইসকল লোকে ঘৰৰ মুধচেৰে দেখিছে আকাশ, নষ্ট হৈছে এইসকল লোকৰ খেতি-বাতি।