মেষ ৰাশি: বহুত সময়ৰ পৰা চলি থকা বেমাৰৰ চিকিৎসা আপোনাৰ সুখী মন আৰু হাহিঁ দি কৰক,কাৰণ এই হাহিঁয়ে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল আজি সিহতঁৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হব পাৰে অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি লব যে তেখেত যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেম জনিত সম্বন্ধৰ লগত জড়িত নহয়। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনা সমূহ ব্যক্ত কৰিব।
বৃষ ৰাশি: আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। আপোনাৰ এই চমৎকৃত আৰু উজ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।
মিথুন ৰাশি: কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল’ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। নিজৰ অতিৰিক্ত সময় নিঃস্বাৰ্থ সেৱাত অৰ্পন কৰক ,এই কামে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব । আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাত হব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।
কৰ্কট ৰাশি: আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আলহীৰ লগত আনন্দ কৰাৰ আজি এক ভাল দিন। আপোনাৰ আত্মীয়ৰ লগত কিছু বিশেষ কৰাৰ যোজনা কৰক, ইয়াৰ বাবে সিহঁতে আপোনাৰ প্ৰশংসা কৰিব। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে।
সিংহ ৰাশি: আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব , এই কথা টো ভাল দৰে জানি লওক নহলে আহিব লগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত,এই কাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তা ধাৰা ব্যক্ত কৰিব নালগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত লব নোৱাৰে। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
কন্যা ৰাশি: আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হব পাৰে। নিজৰ চেষ্টাক সঠিক দিশ দিয়ক আৰু আপোনাক ইয়াৰ বাবে অসাধাৰণ সফলতাৰে সম্বৰ্ধনা জনোৱা হব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো।
তুলা ৰাশি: ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। আজি ঘৰ ৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যোৱা বাবে আপোনাৰ ধন ব্যয় হব পাৰে সন্ধিয়াৰ সময়ত ৰান্ধনি ঘৰত প্ৰয়োজন হোৱা বস্তুৰ ক্ৰয় কৰাত আপুনি ব্যস্ত থাকিব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক’লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। প্ৰয়োজনৰ সময়ত দ্ৰুত গতিত আৰু সাহসিকতাৰে কাম কৰাৰ ক্ষমতাই আপোনাক বেলেগৰ সন্মূখত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। কোনোবা পূৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতি সমূহ সতেজ কৰিব পাৰে।
বৃশ্চিক ৰাশি: আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক,সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থ বাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আজি আপুনি এনেেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে , যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্বসহকাৰে নলব।
ধনু ৰাশি: আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব, সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজ কাঢ়ি ঘুৰি ফুৰক দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। দিন শেেষ হোৱাৰ সময়ত কোনোবা পূৰণি মিত্ৰক লগ পাব পাৰে। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোক সকল আজি অফিচৰ যা- তা ক্থাৰ পৰা বাচি থাকিব। যাত্ৰাৰ ফলত সোনকালে লাভ নহ’ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে।
মকৰ ৰাশি: নিজে নিজৰ চিকিৎসা নকৰিব,কাৰণ ঔষধৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
কুম্ভ ৰাশি: অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ’ব। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হব আৰু তাক প্ৰশংসা কৰিব। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক।
মীন ৰাশি: প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি কাৰ্য্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। ঘৰত আলহীৰ আগমনে আজিৰ দিনটো ধুনীয়া আৰু সুখকৰ কৰি তুলিব। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। কাৰ্য ক্ষেত্ৰ ত আপোনাৰ কামৰ বহুত প্ৰশংসা হব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। আজি আপুনি নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব।