Wednesday, March 11, 2026
Homeঅসম৩১ ডিচেম্বৰত যদি ঘৰৰ পৰা ওলাই যাম ভাবিছে তেন্তে মানিব লাগিব ১০...

৩১ ডিচেম্বৰত যদি ঘৰৰ পৰা ওলাই যাম ভাবিছে তেন্তে মানিব লাগিব ১০ টা নিয়ম

ডিজিটেল ডেস্ক, A NEWS 24×7 : ৩১ ডিচেম্বৰত মহানগৰীৰ যান বাহন চালকৰ বাবে ১০ টা নিয়ম সদৰি কৰিছে অসম আৰক্ষীয়ে। নিয়ম পৰিহাৰ কৰিলেই সন্মুখিন হ’ব লাগিব কঠোৰ শাস্তিৰ।

১/ অনুজ্ঞাপত্ৰবিহীনভাৱে ৰাজপথত চলাব নোৱাৰিব যান-বাহন।

২/ সুৰাপান কৰি যান বাহন চলোৱাত নিষেধাজ্ঞা।

৩/ যান-বাহন চোলাৱাৰ সময়ত মোবাইল ফোনৰ ব্যৱহাৰত নিষোধাজ্ঞা আৰোপ।

৪/ সুৰক্ষাজনিত কাৰণৰ বাবে বাৰ, ৰেষ্টুৰেণ্ট , ক্লাব, শ্বপিং মলৰ পাৰ্কিংস্থলীত চিচিটিভি কেমেৰা লগোৱাটো বাধ্যতামূলক।

৫/ নিশাৰ ভাগত চলাচল কৰা বাহনত থাকিব লাগিব পৰ্যাপ্ত লাইট। লগতে বাৰ, ৰেষ্টুৰেণ্ট , ক্লাব আদিতো পৰ্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা কৰিব লাগিব।

৬/ বনভোজস্থলীত সুৰা ক্ৰয়-বিক্ৰয়ৰ লগতে সুৰাপান কৰাতো বাধা।

৭/ এটা পৰিয়ালৰ লোকে ২ খন ৩ খন বাহনৰ ব্যৱহাৰৰ বিপৰীতে ১ খন বাহন ব্যৱহাৰ কৰিব পাৰিব।

৮/ নিৰ্দিষ্ট পথত হে চলাব পাৰিব বাহন। পথ সলনি কৰিলে বা বিপৰীতে পথ ব্যৱহাৰ কৰিলে সন্মুখিন হ’ব জৰিমনাৰ।

৯/ কোনো আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিলে লগে লগে নির্দিষ্ট থানাত অথবা যানবাহন আৰক্ষীৰ DCPক অভিযোগ দিয়াৰ আহ্বান।

১০/ শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান যান-বাহন আৰক্ষীৰ।

উল্লেখ্য যে, ২০ তাৰিখ পৰা ২৮ তাৰিখ পৰ্যন্ত বিগত ৮ দিনত সুৰাপান কৰি গাড়ী চলোৱা ৩৭৫ জনক জৰিমনা বিহিছে আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments