Monday, March 16, 2026
Homeঅসমসমষ্টি পুননিৰ্ধাৰণৰ প্ৰচেষ্টাক আদৰণি অগপ সভাপতি মন্ত্ৰী অতুল বৰাৰ

সমষ্টি পুননিৰ্ধাৰণৰ প্ৰচেষ্টাক আদৰণি অগপ সভাপতি মন্ত্ৰী অতুল বৰাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: সমষ্টি পুননিৰ্ধাৰণৰ প্ৰচেষ্টাক আদৰণি অগপৰ সভাপতি মন্ত্ৰী অতুল বৰাই ৷ আনহাতে বিজেপিৰ সৈতে মিত্ৰতাত থাকিয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অগপ দলে ৷

নৱবৰ্ষৰ প্ৰাকক্ষণত শুক্ৰবাৰে আমবাৰীৰ অগপৰ মুখ্য কাৰ্য্যলয়ত সাংবাদিকৰে হোৱা এক মত বিনিময় অনুষ্ঠানত এই মন্তব্য কৰে অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই ৷ এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে অগপৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৷

সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰাই চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে থকা সীমা সমস্যা সমাধানৰ বাবে চেষ্টা চলাই থকাৰ কথা সদৰী কৰে ৷নতুন বছৰত স্ব-নিৰ্ভৰশীল অসম গঢ়াৰ লগতে আঞ্চলিক দলটোক শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷

সমষ্টি পুননিৰ্ধাৰণ হলে ভাল হ’ব বুলি মন্তব্য কৰে ৷ আনহাতে চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যাৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰে অগপ সভাপতি অতুল বৰাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments