ডিজিটেল ডেস্ক, ANEWS24X7: ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনটোত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘নতুন দিনৰ আলাপ’ অনুষ্ঠান ৷
অনুষ্ঠানত সাংবাদিক আৰু জ্যেষ্ঠ নাগৰিক সকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ২০২২ বৰ্ষত অসম চৰকাৰে কৰা সফলতা সমূহৰ বিষয়ে আলোকপাত কৰাৰ লগতে ২০২৩ বৰ্ষৰ বাবে চৰকাৰৰ পৰিকল্পনা সমূহকলৈ আলোচনাত মিলিত হয় ৷ এই মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে ৰাজ্যৰ কেইবাটাও সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ৷

অনুষ্ঠানত আলফা-চৰকাৰৰ আলোচনা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ পৰেশ বৰুৱাৰ প্ৰসংগত কয় যে ,‘‘ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ বাহিৰে কথা নাপাতে ৷ ময়ো সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ শপত লৈছো ৷ এইটো এটা সমাধান নোহোৱা বিষয় ৷ ’’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাইজে পৰেশ বৰুৱাক আহ্বান জনাব লাগিব ৷ ৰাইজ , বিভিন্ন দল সংগঠনে আমাক সাৰ্বভৌমত্ব নালাগে বুলি পৰেশ বৰুৱাক আহ্বান জনাব লাগিব ৷ ৰাইজে ক’ব লাগিব সাৰ্বভৌমত্ব বিষয়টো এৰি দিলে তেওঁক বিশ্বাসঘাতক বুলি গণ্য নকৰিব ৷ তেতিয়া তেওঁ কিবা এটা ভাবিব পাৰে ৷’’
ইয়াৰ লগতে কয় যে , আলফাৰ সৈতে যিকোনো সময়তে কথা পতাৰ ক্ষেত্ৰত চৰাকাৰৰ পথ খোলা আছে ৷ পৰেশ বৰুৱাৰ সৈতে কথোপকথন সৌহাৰ্দ্যপূৰ্ণতাৰে চালি থাকে ৷ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ দিশটোত অবিচল হৈ থকাৰ বাবে মীমাংসাৰ পাৰ্যায়ত আহিব পৰা হোৱা নাই ৷
