Wednesday, March 11, 2026
Homeঅসমগৌৰীপুৰৰ হাৱামহলক প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয় হিচাপে ঘোষণা মুখ্যমন্ত্ৰীৰ

গৌৰীপুৰৰ হাৱামহলক প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয় হিচাপে ঘোষণা মুখ্যমন্ত্ৰীৰ

 

ডিজিটেল ডেস্ক, A NEWS 24×7 : গৌৰীপুৰৰ ৰাজপৰিয়ালৰ মিটিয়াবগৰ ঐতিহ্যবাহী হাৱা মহল আজি আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক হস্তান্তৰ । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ পৰিয়ালৰ সদস্যসকলে বিভাগটোক আনুষ্ঠানিক হস্তান্তৰ কৰে ।

উল্লেখ্য যে, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ নিলগৰ ওখ টিলা এটিত অৱস্থিত আটকধুনীয়া হাৱাখানা। ৰাজপাট পানবাৰীৰ পৰা গৌৰীপুৰলৈ স্থানান্তৰণ কৰাৰ পিছত গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ দিনত ঐতিহ্যবাহী হাৱা মহল নিৰ্মাণ কৰা হৈছিল ।

গদাধৰ নৈৰ পাৰত ওখ টিলাত ১৯০৪ চনত হাৱাখানাৰ নিৰ্মাণ কাম আৰম্ভ কৰি দহ বছৰ ধৰি কাম কৰাৰ পিছত ১৯১৪ চনত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছিল। তেতিয়াৰ দিনত চীনা মিস্ত্ৰীৰ হতুৱাই নিৰ্মাণ কৰিছিল হাৱাখানা। ১৩ বিঘা মাটিত আগুৰি থকা ঐতিহ্যবাহী হাৱা মহলত বাথৰূম সহ ২৪ টা কোঠালী আছে । এই ঐতিহ্যবাহী হাৱা মহলতে দৃশ্যগ্ৰহণ আৰু নিৰ্মাণ কৰা হৈছিল বহু কেইখন চিনেমা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments