ডিজিটেল ডেস্ক, ANEWS24X7: আজি তিৱা বীৰ জোঙাল বলহু দিৱস ৷ ৰহাৰ জোঙাল বলহু গড়ত উদযাপন কৰা হৈছে জোঙাল বলহু দিৱস ৷ ৰহাৰ জোঙাল বলহু গড়ত উদযাপন কৰা জোঙাল বলহু দিৱসত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নগাঁও জিলাত জোঙাল বলহু পৰ্যটন কেন্দ্ৰ গঠন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
সেই অনুসৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জোঙাল বলহু গড়ত বীৰগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে নিৰ্মাণ কৰিবলগীয়া পৰ্যটন ক্ষেত্ৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে । এই পৰ্যটন কেন্দ্ৰটোত কেইবাটাও পৰ্যটনৰ সুবিধা থাকিব। তাৰে কিছুমানৰ ভিতৰত থাকিব তিৱা জীৱন আৰু সংস্কৃতিৰ সংগ্ৰহালয়, এটা গেলেৰী বা এম্ফিথিয়েটাৰ আৰু এটা সাংস্কৃতিক কেন্দ্ৰ আৰু লগতে কেন্দ্ৰটোত এটা চাইকেল চলোৱা ট্ৰেক, জলাশয়ৰ ওপৰত নিলম্বন ব্ৰীজ আৰু এটা কেফেটেৰিয়াও সৃষ্টি কৰা হ’ব ৷

এই সমূহ নিৰ্মাণৰ বাবে গড়টোৰ কাষতে থকা আৰু ১০ বিঘা মাটি অধিগ্ৰহণ বা ক্ৰয় কৰিব ৰাজ্য চৰকাৰে ৷ আৰু তিৱা সংগঠন সমূহৰ সৈতে আলোচনা কৰি জোঙাল বলহু দিৱসৰ দিনটোক চৰকাৰী মৰ্যদা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ লগতে কয় যে , নিৰ্মিয়মান এই প্ৰকল্পটো অহা ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব আৰু পৰ্যটন ক্ষেত্ৰখন উন্নত কৰিবৰ বাবে আৰু ১০০ কোটি টকা আঁচনি অৱন্তন প্ৰদান কৰাৰ কথাও সদৰি কৰে ৷
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিৱা সকলৰ বীৰ জোঙাল বলহু আৰু আৰিমত্তক স্মৰণ কৰে ৷ তিৱা সকলৰ ভাষা, সংস্কৃতি, ধৰ্ম, ৰীতি-নীতি আদি সুৰক্ষিত কৰি ৰাখিবলৈ তিৱা ৰাইজক আহ্বান জনাই ৷
